newsnextone.com ।। ডিফুঃ
অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ বিভিন্ন সমস্যাক লৈ সততে প্ৰতিবাদ জনাই অহা বিশ্ব বিদ্যালয় খনৰ শিক্ষাৰ্থী সকলৰ দাবীৰ প্ৰতি সন্মান জনাইছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই৷ অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ বিভিন্ন জলন্ত সমস্যালৈ আজি শিলচৰ বিশ্ববিদ্যালয়ৰ দুৱাৰ খট্খটালে বিশ্ববিদ্যালয় খনৰ সঁজাতি দলে ৷

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উচ্চ শিক্ষা বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য জগত সিং  ইংতিৰ নেতৃত্বত অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ উপাচাৰ্য্য শিৱাশিষ বিশ্বাস আৰু ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ কাৰ্য্যবাহী পৰিষদ সদস্য লংচিং টেৰণে অসম বিশ্ববিদ্যালয় শিলচৰৰ উপাচাৰ্য্য দিলীপ চন্দ্ৰ নাথক সাক্ষাৎ কৰি চিকিৎসা, পৰিবহন, সংৰক্ষণ আৰু প্ৰবক্তাৰ অভাৱ আদি বিভিন্ন  সমস্যা সন্দৰ্ভত আলোচনা কৰি ইয়াৰ ব্যৱস্থা লবলৈ দাবী জনায় ৷ উপাচাৰ্য দিলীপ চন্দ্ৰ নাথে আগন্তুক নৱেম্বৰ মাহত অসম বিশ্ববিদ্যালয় ডিফু চৌহদ পৰিদৰ্শন কৰিব বুলি সঁজাতি দলটোক আশ্বাস প্ৰদান কৰে ৷