শুক্লাইঃ শুক্লাই নদীৰ ওপৰৰ জৰাজীৰ্ণ কাঠৰ দলঙে অঞ্চলটোৰ ৰাইজক জীয়াতু ভুগিবলগীয়া হৈ আহিছে৷ বৃহত্তৰ চেনিগাঁও, বড়িগাঁও, মাদালবাৰী, খৈৰাবাৰী, বগৰিবাৰী আদি গাঁৱৰ ৰাইজে দৈনন্দিন যাতায়াত কৰা দলংখন বৰ্তমান ইমানেই জৰাজীৰ্ণ হৈ পৰিছে যে যিকোনো যানবাহন দলংখনৰে গ’লেই দলংখন কপি উঠে৷

আনহাতে দলংখনৰ কাঠবোৰ পচি যোৱাৰ ফলত স্থানীয় ৰাইজে মাজে-মাজে বাহেৰে মেৰামতি কৰি যাতায়াত অব্যাহত ৰাখিছে৷ বিগত বছৰত বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই দলংখন মেৰামতি তথা নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ৷