কোকৰাঝাৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শতকৰা উত্তীৰ্ণৰ হাৰ কোনটো বৰ্ষত কিমান হ'ব সেয়া দৰাচলতে উত্তৰ বহী মূল্যায়নৰ ভিত্তিত নহয় বৰং সেয়া শিক্ষামন্ত্ৰী আৰু চৰকাৰেহে নিৰ্ধাৰণ কৰি আহিছে বুলি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে।
এই সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই। প্ৰাক্তন সাংসদগৰাকীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যক অভিসন্ধিমূলক আৰু অপযশমূলক আখ্যা দিয়ে।
মন্ত্ৰীগৰাকীৰ এনে মন্তব্যক ২০০১ চনৰ পৰা মেট্ৰিক উত্তীৰ্ণ সকলো প্ৰাৰ্থীৰ প্ৰতি অপমানসুচক আৰু মানসিক হাৰাশাস্তি কাৰক আখ্যা দিয়ে ব্ৰহ্মই। এই বিষয়টোৰ শীঘ্ৰে নিষ্পত্তিও কামনা কৰে প্ৰাক্তন সাংসদগৰাকীয়ে।
২০০১ চনৰ পৰা বৰ্তমানলৈকে ৰাজ্যৰ সকলো শিক্ষামন্ত্ৰী, ছেবাৰ অধ্যক্ষ, প্ৰাক্তন মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু পৰীক্ষাৰ সৈতে জড়িত থকা সংশ্লিষ্ট কৰ্তৃপক্ষক একেলগে ষ্টুডিঅ'ত বহি ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিবলৈ দাবী জনাই উৰ্খাও গৌৰা ব্ৰহ্মই বিষয়টোৰ গভীৰতালৈ চাই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে।
শিক্ষামন্ত্ৰীৰ বক্তব্যই মেধাশক্তিক উপলুঙা কৰিছে বুলি মন্তব্যৰে প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনক লৈ সংশয় আনিব পৰা কোনো কাৰ্য নকৰিবলৈকো সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনায়।