খড়গপুৰঃ হাওৰৰপৰা পুৰীলৈ গৈ আছিল ধৌলি এক্সপ্ৰেছ। নাৰায়ণ-পাকুবিয়া-মুৰাইল ষ্টেচনৰ কাষত ৰে’লখনৰ ডি-৩ নং দবাৰপৰা ওলাল এক বিকট শব্দ। কি হৈছে, ক’ৰপৰা শব্দটো ওলাল যাত্ৰীসকলে অনুমান কৰাৰ পূৰ্বেই দেখা গ’ল ট্ৰেইনখনক ধূলিৰ কুঁৱলীয়ে আৱৰি ধৰিছে।
তাৰ পাছত এয়া কি? এটা সৰু ষ্টেচনত ৰৈ থকা যাত্ৰীসকলে প্ৰাণ লৈ দৌৰ মাৰিছে সুৰক্ষিত স্থানলৈ। তেওঁলোকলৈ লক্ষ্য কৰি যেন শিলাবৰ্ষণহে হৈছে!
এনে এক ভয়াবহ পৰিস্থিতিৰে সৃষ্টি হৈছিল সোমবাৰে পুৱা ৭ঃ১০ বজাত ধৌলি এক্সপ্ৰেছত। দক্ষিণ-পূব ৰে’লৱেৰ হাওৰা-খড়গপুৰ শাখাত ট্ৰেইনখনৰ এটা দবা লাইনচ্যুত হয়। আন চাৰিটা দবাও ক্ষতিগ্ৰস্ত হৈছে।
প্ৰতক্ষদৰ্শীয়ে জনোৱা মতে, ট্ৰেইনখন দুৰন্ত গতিত চলি থকা সময়তে এটা দবাৰ চকা চিৰিৰপৰা আঁতৰি আহে যহিও ৰে’লখনৰ গতি কম হোৱা নাছিল। বিকট শব্দ কৰি চকা মাটিত পৰাৰ লগে লগে ধূলিয়ে আগুৰি ধৰে ৰে’লখন। চিৰিৰ কাষত থকা শিল ওফৰি গৈ সৰু ষ্টেচনটোৰ ৰৈ থকা যাত্ৰীক আঘাট কৰেগৈ।
কিবা এটা অস্বাভাৱিক হোৱা লক্ষ্য কৰি যাত্ৰীসকলে চেইন টনাতহে ৰে’লখন কিছু দূৰত ৰৈ যায়।
ঘটনাটোত কোনো লোক গুৰুতৰভাৱে আহত নহ’লেও এই ঘটনাই ৰে’লযাত্ৰাত নিৰাপত্তাৰ দিশটোক লৈ আকৌ প্ৰশ্নৰ অৱতাৰণা কৰিছে।