গুৱাহাটীঃ শেহতীয়াকৈ মেডিকেল কাউঞ্চিল অব ইণ্ডিয়াই জাৰি কৰা নিৰ্দেশমৰ্মে ডাক্তৰে প্ৰেছক্ৰিপশ্যনত ব্ৰেণ্ডৰ সলনি জেনেৰিক দৰৱহে লিখিব পাৰিব বুলি নিৰ্দেশ জাৰি কৰাৰ পিছতো কোনো কাৰণতে এই নিয়ম মানি নচলা দেখা গৈছে অসমৰ বিভিন্ন প্ৰান্তত।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা নিউজনেক্সওৱানৰ সাংবাদিকৰ প্ৰতিবেদন মতে চিকিৎসালয়সমূহত এতিয়াও অনুপালন কৰা নাই নিয়ম।
নলবাৰীৰ পৰা প্ৰতিবেদনঃ
নলবাৰীৰ বাৰক্ষেত্ৰীৰ চিকিৎসালয় সমূহত চিকিৎসককে ব্ৰেণ্ডেড ঔষধ লিখা দেখা গৈছে। একেদৰে চিকিৎসালয়সমূহত মেডিকেল ৰিপ্ৰেজেন্টেটিভসকলৰ ভিৰ আজিও পৰিলক্ষিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চিকিত্সকসমূহে এম চি আইৰ এই গুৰুত্ত্বপূৰ্ণ নিৰ্দেশক অমান্য কৰা ঘটনাই এতিয়া সমগ্ৰ নলবাৰী জিলাতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
গোৰেশ্বৰৰপৰা প্ৰতিবেদনঃ
গোৰেশ্বৰৰ ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়তো একেই দৃশ্য দেখা গৈছে। তাতো জেনেৰিক দৰৱ প্ৰেছক্ৰাইব নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।