ৰঙিয়াঃ ৰঙিয়াত ধৰা পৰিল ইৰাণী গ্ৰুপৰ সদস্য৷ ৰেল ষ্টেচনত ৰৈ থকা যাত্ৰীৰ গাত বান্দৰ কেঁকোৱা ছটিয়াই যাত্ৰীৰ ধন লুট কৰিবলৈ ওলোৱাৰ মুহূর্তত ধৰা পৰিল ৰাইজৰ হাতত। ৰাইজে ইৰাণী গ্ৰুপৰ সদস্যজনক উত্তম-মাধ্যম শোধাই ৰেল আৰক্ষীক গতাই দিয়ে।
ধৃত সদস্যজন বিহাৰৰ পুণিয়াৰ ৰাহুল চাহা। উল্লেখ্য যে শেহতীয়াকৈ ৰঙিয়াত ইৰাণী গ্ৰুপৰ সদস্যসকলে কেইবাটাও লুট-পাতৰ ঘটনা সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। ইৰাণী গ্ৰুপৰ বাকী সদস্যসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী জনাইছে ৰঙিয়াৰ ৰাইজে।