ডিজিটেল ৰিপ'ৰ্টঃ বিগত বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজক সু-শাসনৰ প্ৰতিশ্ৰুতিৰে ৰাজ্য শাসনৰ বাঘজৰী হাতত লৈছিল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ কিন্তু চৰকাৰৰ বৰ্ষপূৰ্তি নৌহওঁতেই গেৰুৱা দলটোৰ একাংশ বিধায়ক তথা দলীয় নেতা-কৰ্মীয়ে সু-শাসনৰ প্ৰতিশ্ৰুতিক পদানত কৰি অহাৰ চাক্ষুস প্ৰমাণ লাভ কৰিছে অসমবাসী ৰাইজে৷
এনে ধৰণৰ একাধিক চাক্ষুষ প্ৰমাণৰ মাজতে এইবাৰ সৰ্বা চৰকাৰৰ এই সু-শাসনৰ ধাৰণাক নস্যাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে স্বয়ং ৰাজধানী চহৰ গুৱাহাটীৰ এগৰাকী বিধায়কৰ বিৰুদ্ধে৷ গেৰুৱা দলটোৰ এই বিধায়কগৰাকী হৈছে দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা৷
উত্থাপিত অভিযোগ অনুসৰি বিধায়ক বৰাই তেওঁৰ সমষ্টিৰ অন্তৰ্গত বেলতলাস্থিত দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয়ৰ এজন 'চকীদাৰ'ক বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালক এছ কে ভূঞাক উপৰ্যুপৰি হেঁচা প্ৰদান কৰাৰ ফলত অৱশেষত বিধায়ক বৰাৰ হেঁচাত নতশিৰ হ'বলৈ বাধ্য হয় সঞ্চালকগৰাকী৷
নিউজ নেক্সট ৱানৰ হাতত থকা তথ্য অনুসৰি চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালক এছ কে ভূঞাই দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয়ৰ তদানীন্তন প্ৰধান শিক্ষক ধনেশ্বৰ কলিতাই অৱসৰ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত মেম' নং ই এম এ 5/2016/84 শীৰ্ষক নিৰ্দেশনা যোগে ৰূপনগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক দীনেশ কলিতাক যোগদানৰ নিৰ্দেশ দিয়ে৷
চৰকাৰী নিৰ্দেশনা অনুসৰি দীনেশ কলিতাই দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয়ত যোগদান কৰাৰ বাবে যায় যদিও বিদ্যালয়খনৰ পূৰ্বৰ 'চকীদাৰ' তথা বিদ্যালয়খনৰ তদানীন্তন ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিশ্বেশ্বৰ মজুমদাৰে দীনেশ কলিতাক প্ৰধান শিক্ষক পদত যোগদানত বাধা প্ৰদান কৰে৷ ফলত দীনেশ কলিতাৰ অভিযোগমৰ্মে যোৱা ৭ মাৰ্চত গুৱাহাটীৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক ডি চি লহকৰে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিশ্বেশ্বৰ মজুমদাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে৷
এইখিনি সময়তেই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মজুমদাৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ সৈতে লগ লাগি স্থানীয় বিধায়ক অতুল বৰাৰ কাষ চাপে৷ বিধায়ক বৰাই এই সন্দৰ্ভত ৬ মাৰ্চত প্ৰাথমিক শিক্ষা সঞ্চালকক বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে৷ বিধায়ক বৰাৰ উক্ত নিৰ্দেশনা প্ৰাথমিক শিক্ষা সঞ্চালকে আওকাণ কৰাত বিধায়কগৰাকীয়ে পুনৰ ১৯ মাৰ্চত প্ৰাথমিক শিক্ষা সঞ্চালকক মজুমদাৰক 'বদলি কৰিব নালাগে' বুলি কাঢ়া নিৰ্দেশ প্ৰদান কৰে৷
বিধায়ক বৰাৰ পৰা উপৰ্যুপৰি নিৰ্দেশৰ লাভ কৰি প্ৰাথমিক শিক্ষা সঞ্চালকে মজুমদাৰক উক্ত পদত বাহাল ৰাখি বিদ্যালয়খনত যোগদান কৰিবলৈ যোৱা দীনেশ কলিতাক হাতীগাঁওস্থিত ৰাজেন্দ্ৰ নাৰায়ণ দেৱ মধ্য ইংৰাজী বিদ্যালয়ত নিযুক্তি দিবলৈ বাধ্য হয়৷ এইখিনিতেই প্ৰশ্ন উত্থাপন হৈছে বিদ্যালয় পৰিচালনা সমিতিকে প্ৰমুখ্য কৰি স্থানীয় বিধায়ক অতুল বৰাই কিয় এজন অযোগ্য ব্যক্তিক বিদ্যালয়খনৰ প্ৰধান শিক্ষক পদত বহুৱাবলৈ ইমান তৎপৰতা প্ৰদৰ্শন কৰিলে? এই প্ৰশ্নৰ সমান্তৰালকৈ উত্থাপন হৈছে আন কেতবোৰ বিস্ফোৰক অভিযোগ৷
অভিযোগ অনুসৰি বিগত কংগ্ৰেছ চৰকাৰৰ আমোলত দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত হৈছিল কেইবালক্ষাধিক টকাৰ আৰ্থিক কেলেংকাৰী৷ এই কেলেংকাৰীত বিদ্যালয়খনৰ তদানীন্তন প্ৰধান শিক্ষক, পৰিচালনা সমিতিৰ কেইজনমান বিষয়ববীয়া আৰু বৰ্তমানৰ প্ৰধান শিক্ষকজন ওতপ্ৰোতভাৱে জড়িত থকাৰ অভিযোগ আছে৷ সেয়ে বাহিৰৰ ব্যক্তি প্ৰধান শিক্ষক পদত অধিষ্ঠিত হ’লে সেই কেলেংকাৰী ফাদিল হোৱাৰ আশংকা কৰিয়েই আন ব্যক্তিক প্ৰধান শিক্ষক পদত যোগদান কৰোৱাত বাধা প্ৰদান কৰিলে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।
এইক্ষেত্ৰত স্থানীয় বিধায়ক অতুল বৰাৰ ভূমিকাও সন্দেহৰ ঊৰ্ধ্বত নহয় বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজ আৰুু বিদ্যালয়খনত অধ্যায়নৰত ছাত্ৰ-ছাত্ৰীসকলকৰ অভিভাৱকসকলে৷ এই বিষয়টোত তেওঁ পোনপটীয়াকৈ হস্তক্ষেপ কৰি প্ৰাথমিক শিক্ষা সঞ্চালকক নিৰ্দেশ দিয়াৰ অধিকাৰ ক’ত পালে বুলিও প্ৰশ্ন উত্থাপন হৈছে? বিষয়টো তেওঁ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কিয় নপঠিয়ালে? বিভাগৰ' গ্ৰেডেচন লিষ্ট'ৰ একেবাৰে নিম্ন পৰ্যায়ৰ এজন ব্যক্তিক প্ৰধান শিক্ষক পদত বহুৱাবলৈ এনে তৎপৰতা কিয় প্ৰদৰ্শন কৰিলে বুলিও সচেতন লোক মাত্ৰেই প্ৰশ্ন উত্থাপন কৰিছে।
আন এক সূত্ৰই দাবী কৰা অনুসৰি বিদ্যালয়খনৰ পূৰ্বৰ' চকীদাৰ' বিশ্বেশ্বৰ মজুমদাৰক প্ৰধান শিক্ষক পদত নি়যুক্তি দিবলৈ অঞ্চলটোৰ দুগৰাকী বিজেপি কৰ্মী জনৈক টুমুং আৰু বড়োৱে বৃহৎ অংকৰ ধনৰ লেনদেন কৰিছে বুলিও এতিয়া সমগ্ৰ বনগাঁও-বেলতলা অঞ্চলত ব্যাপক চৰ্চা হৈছে৷