খেৰণিঃ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানক লৈ জিলাখনৰ খেৰণিৰ জেংখাত বিধি-পথালি হৈ থিয় দিছে একাধিক সংগঠন৷

কাৰ্বি পৰিষদীয় ৭ টাকৈ সমষ্টিত বিজেপিয়ে অনাকাৰ্বি লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি এক খবৰ জিলাখনত বিয়পি পৰাৰ সময়তে পৰিষদীয় ২-৩ টা সমষ্টিত অজনজাতীয় লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ কথা ওলাই থকাত ইয়াৰ বিৰোধিতা কৰি প্ৰাৰ্থিত্ব ঘোষণাৰ শেষ পৰ্য্যায়ত ৩ টাকৈ অৰাজনৈতিক সংগঠনে মূৰ দাঙি উঠিছে৷

কাৰ্বি লামেত আমাই, খেৰণি শাখা, কাৰ্বি ছাত্ৰ সন্থাৰ হামৰেণ আঞ্চলিক সমিতি আৰু লংৰি ক্ৰিহিনি চাৰ হাৱে আমাই নামৰ সংগঠনকেইটাই সংবাদমেলযোগে জানিবলৈ দিয়ে এই কথা৷

আনকি সংবাদমেলযোগে এই কথাও স্পষ্ট কৰি দিয়ে যে কাৰ্বি আংলঙৰ ৰাজনৈতিক দলসমূহে অজনজাতীয় লোকক মনোনয়ন প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত যদি জিলাখনত কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে ইয়াৰ বাবে সম্পূৰ্ণ জগৰীয়া হ’ব দলসমূহৰ জিলা সভাপতিসকল৷

লগতে কাৰ্বি আংলঙৰ এই পৰিষদীয় নিৰ্বাচনত ৰাজনৈতিক দলসমূহক কোনো অজনজাতীয় লোকক প্ৰাৰ্থিত্ব প্ৰদান নকৰিবলৈয়ো সকিয়াই দিয়ে সংগঠনকেইটাই৷