নগাঁওঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁও জিলাটো বড়োধানৰ খেতিত ধানৰ পৰিৱৰ্তে পতান ওলোৱাৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে জিলাখনৰ কৃষকক ভাৰতীয় মৰাপাট নিগমে প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷ কৃষকসকলে অভিযোগ কৰা মতে, ভাৰতীয় মৰাপাট নিগমে জিলাখনৰ কৃষকক যোগান ধৰা মৰাপাটৰ বীজৰ পৰা উৎপন্ন হোৱা গছপুলি দুমাহৰ পিছতো লক্ষণীয়ভাৱে বৃদ্ধি নহ’ল ৷
কৃষি বিভাগে প্ৰদান কৰা ধান,মাহ,সৰিয়হ আদিৰ বীজৰ পৰা ফচলৰ পৰিবৰ্তে পতানহে উৎপাদন হোৱাৰ ঘটনাই সৰ্বতে তীব্ৰ প্ৰতিক্ৰিয়াই আৱৰি ধৰাৰ সময়ে অনুৰূপ ঘটনা মৰাপাটৰ ক্ষেত্ৰত সংঘটিত হৈছে নগাঁৱৰ ডাকৰঘাট অঞ্চলত ৷ জানিব পৰা মতে, বৃহত্তৰ অঞ্চলটোৰ কৃষকসকলক ভাৰতীয় মৰাপাট নিগমে প্ৰতি কিলোগ্ৰাম বীজৰ বিপৰীতে সুলভ মূল্যত ১৩৫ টকা দৰত মৰাপাটৰ বীজ যোগান ধৰিছিল৷
সেই বীজেৰে অঞ্চলটোৰ কৃষকসকলে ৫০-৬০ বিঘা মাটিত মৰাপাট খেতি কৰিছিল আৰু আশা কৰিছিল উন্নত মানৰ মৰাপাট উৎপন্ন হ’ব ৷ কিন্তু সেই আশাত চেঁচা পানী পৰিল ভাৰতীয় মৰাপাট নিগমৰ প্ৰবঞ্চনাৰ বাবেই৷ কিয়নো, মৰাপাটৰ গছ হোৱাৰ পিছতে গছবোৰ যিদৰে বাঢ়িব লাগিছিল তাকে নহৈ এতিয়া এইবোৰ গেঠেলা মাৰি ফুলিবলৈহে উপক্ৰম হৈছে ৷ অভিযোগ মতে, ভাৰতীয় মৰাপাট নিগমে পুৰণি মৰাপাটৰ বীজ দিয়াৰ বাবেই মৰাপাট গছবোৰ বৃদ্ধি নঘটাকৈয়েই ফুলিবলৈ গৈছে ৷
উল্লেখ্য যে, মুক্ত বজাৰত বীজৰ দৰ যথেষ্ট বেছি বাবেই চৰকাৰী প্ৰতিষ্ঠান ভাৰতীয় মৰাপাট নিগমৰ পৰা দৰিদ্ৰ কৃষকসকলে বীজ সূলভ মূল্যত ক্ৰয় কৰিছিল ৷ আনকি, বীজ প্ৰদান কৰিবলৈ অহা নিগমৰ বিষয়াসকলেও প্ৰতিশ্ৰুতি দিছিল যে এই বীজৰ পৰা উন্নত মানৰ মৰাপাট উৎপন্ন হ’ব ৷ কিন্তু সেই প্ৰতিশ্ৰুতি এতিয়া ভেঁকো ভাওনাতহে পৰিণত হ’ল ৷
ইফালে, অঞ্চলটোৰ বহু কৃষকে ঋণ লৈও খেতি কৰিছিল অলেখ আশা বুকুত বান্ধি ৷কিন্তু বৰ্তমান মৰাপাটৰ খেতিডৰাৰ অৱস্থা দেখি কৃষকসকলে চকুৰে ধোৱা-কোৱা দেখিছে আৰু ঋণ কেনেকৈ পৰিশোধ কৰিব তাক লৈ চিন্তাগ্ৰস্ত হৈ পৰিছে৷ এই সংক্ৰান্তত নগাঁও চহৰস্থ নিগমৰ কাৰ্যালয়ৰ লগত দুৰ্ভগীয়া কৃষকসকলে যোগাযোগ কৰিছে যদিও কোনো সহাঁৰি হ’লে আজিকোপতি লাভ কৰা নাই৷
ফলত নিগমৰ এনে আওকণীয়া মনোভাৱৰ হেতু এইসকল দুৰ্ভগীয়া দৰিদ্ৰ কৃষক স্বাভাবিকতেই ক্ষুভিত হৈ পৰিছে ৷ কাজেই,কঠোৰ পৰিশ্ৰম কৰি আৰু গাঁঠিৰ ধন ভাঙি মৰাপাটৰ খেতি কৰা এই অঞ্চলৰ কৃষকসকল এতিয়া মানসিকভাৱে ভাগি পৰিছে ৷