কোকৰাঝাৰঃ বড়ো আন্দোলনৰ জনক বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জেষ্ঠ্য ভাতৃ সমেশ্বৰ ব্ৰহ্ম আজি পশ্চিমবংগৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে ইললীলা সম্বৰণ কৰাত বিটিএডি এলেকাত ব্যাপক শোকৰ ছাঁ পৰিছে ।
উল্লেখ্য যে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জেষ্ঠ ভাতৃ সমেশ্বৰ ব্ৰহ্ম যোৱা ১২ মেৰ দিনাখন দোতমাৰ বৰাগাৰীস্থিত নিজ বাসগৃহত গুৰুতৰভাৱে অসুস্থ হৈ পৰি আৰু হৃদযন্ত্ৰৰ ক্ৰিয়াও বন্ধ হৈ পৰে।
সমেশ্বৰ ব্ৰহ্মক পৰবৰ্তী পৰ্যায়ত পশ্চিমবংগ , শিলিগুৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আজি বিয়লি ৫:৩০ বজাত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।
ব্ৰহ্মৰ মৃত্যুত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী , এবছুৰ সভাপতি প্ৰমোদ বড়ো, সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী, ইউপিপি দলৰ সভাপতি তথা প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম, বড়ো সাহিত্য সভা আদিকে ধৰি বহু দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে সমেশ্বৰ ব্ৰহ্মৰ মৃত্যু বড়ো সমাজৰ বাবে বৃহৎ ক্ষতি বুলি মন্তব্য কৰিছে ।