বিলুপ্ত হোৱা সত্ৰ পুনৰ প্ৰতিষ্ঠা  কৰা হ’ব -হিমন্ত বিশ্ব শৰ্মা

বৰপেটাঃ আজি বৰপেটাৰ বাঘবৰত উপস্থিত হ’য় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ  সৈতে বাঘবৰৰ কনৰা সত্ৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। সত্ৰ পুনৰুদ্ধাৰৰ এটা ডাঙৰ প্ৰকল্প হ’ব।

মৃতপ্ৰায় সত্ৰসমূহ পুনৰুদ্ধাৰৰ বাবে ৰাষ্টা–ঘাট নিৰ্মাণ, মানুহক ক’ত কেনেদৰে পুনৰসংস্থাপন কৰা হ’ব, সেই সম্পৰ্কে বহু বিশেষজ্ঞই কাম কৰি আছে। বৰপেটাত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মইনবড়ী সত্ৰক লৈ মন্ত্ৰীগৰাকীয়ে কয় – মইনবড়ী সত্ৰখন তাতেই প্ৰতিষ্ঠা হ’ব লাগিছিল, কিন্তু মইনবড়ীত সত্ৰখন প্ৰতিষ্ঠা কৰাৰ পৰিৱেশ নথকাৰ বাবেই তাৰ পৰা সৰভোগলৈ স্থানান্তৰ কৰিবলগা হৈছিল।

মইনবড়ী সত্ৰ নিজৰ স্থানলৈ যাব লাগিব বুলিও মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। সৰভোগত ডাঙৰকৈ সত্ৰ হ’ব কিন্তু মইনবড়ীৰ চিনটো নোহোৱা হ’ব নোৱাৰে।

ইপিনে বৰপেটা জিলাত ৰাজহ সংক্ৰান্তীয় বহু তথ্যৰ খেলিমেলি হোৱা বুলি মন্তব্য হিমন্ত বিশ্বৰ শৰ্মাৰ৷ আনহাতে,  জনিয়া সত্ৰ পৰিদৰ্শন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ জনগাঁঠনিৰ পৰিৱৰ্তনৰ বাবে বহু সত্ৰ বিলুপ্তিৰ পথত গৈছে, সত্ৰৰ মাটি বেদখল হৈছে।

সত্ৰৰ অক্ষয় বন্তিগছি কেনেকৈ জ্বলাই ৰাখিব পাৰি, বিলুপ্তপ্ৰায় সত্ৰসমূহ কেনেকৈ পুনৰ প্ৰতিষ্ঠা কৰিব পাৰি সেই সম্পৰ্কে চৰকাৰে নতুন আঁচনি গ্ৰহণ কৰাৰ কথাও জনালে মন্ত্ৰীগৰাকীয়ে। বৰপেটাৰ জনিয়া আৰু কনৰা সত্ৰৰ উন্নয়নৰ বাবে ২৫ লাখ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা মন্ত্ৰীগৰাকীৰ।