ডিমাকুছিঃ ৰাজ্যৰ সুৰা ট্ৰজেডিক লক্ষ্য কৰি আৰু চাহ শ্ৰমিক ৰাইজক সচেতন কৰিবলৈ অসম চাহ জনজাতি ছাত্র সন্থা (আটছা) বৰেংগাজুলি প্ৰাইমেৰী সমিতিৰ উদ্যোগত আৰু জিলা সমিতিৰ সহযোগত সকলো শ্ৰমিক ৰাইজক লৈ এটি সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। লগতে সুৰাৰ ঘাটিসমূহ উচ্ছেদ কৰা হয়। 

অভিযানত বহুতো ঠাইত চুলাই-মদৰ ভাটি উচ্ছেদ কৰা হয়। বাগিচাৰ মহিলা শক্তিৰ দলটো আৰু সাধাৰণ চাহ বাগিচাত কাম কৰা মহিলাসকলে 'চাহ বাগিচাত চুলাই-মদৰ বেহা বেপাৰ বন্ধ কৰক’, 'চাহ শ্ৰমিক সজাগ হওক’, 'শিক্ষাৰ প্ৰতি আগ্ৰহী আহক’, 'নিজৰ সন্তানক সুস্থভাৱে গঢ়ি তোলক’ আদি শ্ল’গেন দিয়ে।

গধূলি বজাৰত চলি থকা সুৰাৰ কাৰবাৰ প্ৰতিৰোধ কৰি গৰিহণা দিয়ে। ডিমাকুছি আৰক্ষী চকীৰ আৰক্ষী বিষয়া নিলিমা ব্ৰহ্ম উক্ত কাৰ্যসূচীত উপস্থিত থাকি সহোযোগিতা আগবঢ়ায়। 

সভাত উপস্থিত থাকে অসম চাহ জনজাতি ছাত্র সন্থাৰ ওদালগুৰি জিলাৰ সভাপতি তথা সাংবাদিক ৰবাৰ্টচন তাঁতী আৰু ডিমাকুছি শাখাৰ সভাপতি আগ্নীয়ুছ তাঁতী। এনে ধৰণৰ অভিযান আৰু শিক্ষাৰ প্ৰতি সজাগতা অব্যাহত থাকিব বুলি জিলা সভাপতিয়ে মন্তব্য কৰে।