খাৰুপেটীয়াঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, আমছুৰ দৰং জিলা সমিতিৰ উদ্যোগত দেওবাৰে খাৰুপেটীয়া আছাম ক্লাব প্ৰেক্ষাগৃহত সংখ্যালঘু দৰদী মৰহুম বি এম হামিদুৰ ৰহমান আৰু সংখ্যালঘু দৰদী তথা বিশিষ্ট সাংবাদিক মৰহুম তাইজুদ্দিন আহমেদ সমন্বয় বঁটা প্ৰদানৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান সম্পন্ন হয়৷
দিনৰ ২ বজাৰপৰা আৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ এই বটাঁ প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে৷ অনুষ্ঠানটোত পদ্মশ্ৰী ডাঃ ইলিয়াচ আলীয়ে তেওঁৰ বক্তব্যত পৃথিৱীৰ বৰ্ধিত জনবিস্ফোৰণৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কয় যে পৃথিৱীখনত ক্ৰমাৎ বৃদ্ধি হোৱা জনসংখ্যাই ধ্বংসৰ মুখলৈ লৈ গৈ আছে৷
বৰ্তমান পৃথিৱীৰ জনসংখ্যা ৭৪০ কোটিলৈ বৃদ্ধি পোৱা তথ্যই পৃথিৱীৰ ভাৰসাম্যতাত প্ৰভাৱিত কৰিছে৷ জনসংখ্যা ৰোধ কৰাৰ ক্ষেত্ৰত সকলোকে সজাগ হ’বলৈ তেওঁ আহ্বান জনায়৷ বাল্য বিবাহ বন্ধ কৰি মুছলমানসকলক জনসংখ্যা ৰোধৰ বাবে আহ্বান জনায়৷
আনহাতে অনুষ্ঠানটোত উপস্থিত থকা যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীবী ড০ দেৱব্ৰত শৰ্মাই বঁটা গ্ৰহণ কৰি স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকলৰ আলোকপাতেৰে তথ্যভিত্তিক বক্তব্য আগবঢ়ায়৷ স্বাধীনতা সংগ্ৰামত মুছলমানসকলৰ অৱদানৰ কথাও ভাষণত উল্লেখ কৰে৷ তেওঁৰ বক্তব্যত ফুটি উঠিল শৰাইঘাটৰ ৰণৰ ইছমাইল হুছেইন ওৰফে বাঘ হাজৰিকা, জালালুদ্দিন, মহন্ত, ব্ৰাহ্মণ ওমেশ চন্দ্ৰ দেৱচৌধুৰী, ৰামচন্দ্ৰ ইত্যাদি লোকৰ ত্যাগৰ বিনিময়ত ভাৰত স্বাধীন হোৱাৰ বহু তথ্য৷
পথৰুঘাটৰ ৰণত মুছলমান-হিন্দুৱে প্ৰাণ দিয়াৰ কথা, শংকৰ-আজানৰ মিলনভূমি এইখন অসমত একাংশ উগ্ৰ হিন্দুত্ববাদীসকলে ৰক্তৰঞ্জিত কৰি যি বিষাক্ত বতাহ বিয়পাইছে সেইটো সকলোৱে প্ৰতিহত কৰিব লাগিব বুলি আহ্বান জনায় ড০ শৰ্মাই৷ এই শংকৰ-আজানৰ দেশত উগ্ৰ হিন্দুত্ববাদীৰ কোনো স্থান নাই বুলি উদাত্ত কণ্ঠৰে বক্তব্য দাঙি ধৰে বিশিষ্ট চিন্তাবিদ শৰ্মাই৷
তেওঁ ভাষণ প্ৰসংগত অসমৰ নেলী, চাউলখোৱা, বিভিন্ন সময়ত ভাৰত স্বাধীনৰেপৰা উচ্ছেদত তথা শ্বহীদ হোৱা লোকৰ তথ্যভিত্তিক জীৱনপঞ্জী উলিয়াবলৈ আমছুক আহ্বান জনায়৷ অনুষ্ঠানত উক্ত জীৱনপঞ্জীৰ খৰচৰ এটা মোটা অংশ পদ্মশ্ৰী ডাঃ ইলিয়াচ আলীয়ে আগবঢ়াব বুলি ঘোষণা কৰে৷
জাতীয় শ্বহীদসকলৰ তথ্য উদ্ধাৰ কৰিবলৈ আমছুক আহ্বান জনোৱাৰ লগতে তেওঁ নিজে পূৰ্ণ সহযোগ আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি দিয়ে৷ ইফালে অনুষ্ঠানত উপস্থিত থকা গণ অধিকাৰ কাকতৰ মুখ্য সম্পাদক ড০ জাকিৰ হুছেইনে ভাষণ প্ৰসংগত ৰাজ্যখনত পিছ পৰি থকা সংখ্যালঘু মুছলমান সমাজৰ শিক্ষাৰ পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত আমছুৰ বহু দায়িত্ব পালন কৰিব লাগিব বুলি আহ্বান জনাই কয় যে সমাজৰ জাতীৰ উন্নয়ন কৰাৰ চিন্তাধাৰাতকৈ মানুহৰ নেতাৰ পিচত দৌৰাৰ প্ৰৱণতা, মন্ত্ৰী-বিধায়ক হোৱাৰ প্ৰৱণতা বেছি৷ যাৰ ফলত বহু পিছ পৰি থাকিব লগা হৈছে শিক্ষাৰ ক্ষেত্ৰত৷ উগ্ৰ মনোভাব বা ভাবধাৰা, চিন্তাধাৰা বন্ধ কৰিব লাগিব বুলি ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে৷
আনহাতে সভাত গণ অধিকাৰ কাকতৰ সম্পাদক চাহাজাহান তালুকদাৰ, আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান, কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক মহম্মদ আলী খলিফা, উপ-সভাপতি ৰেজিবুৰ ৰহমান, প্ৰমুখ্যে কেইবাজনো আমছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়-ববীয়াই ভাষণ প্ৰদান কৰে৷