লখিমপুৰঃ জিলাখনত ৯০০ টা বুথত ৪ গৰাকীকৈ মুঠ ৩৬০০ গৰাকী স্বাস্থ্য বিভাগৰ নাৰ্ছে সেৱা আগবঢ়াব। জিলাখনত ৫ বছৰৰ তলৰ শিশু আছে ৩৫,০৩৬ টা।
নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত মঙলবাৰে আযোজিত এক সংবাদমেলত স্বাস্থ্য বিভাগৰ জিলা প্ৰতিষেধক বিষয়া ডা° গুনীন গগৈয়ে কথা সদৰি কৰে। ভাৰতক ২০১৪ চনতে বিশ্ব স্বাস্থ্য সংন্থাই পলিঅ’-মুক্ত দেশ বুলি প্ৰমাণ-পত্ৰ দিয়ে, তথাপিও দেশখনৰ প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্থান, আফগানিস্তান আৰু নাইজেৰিয়া এতিয়াও পলিঅ’-মুক্ত ৰাষ্ট্ৰ নহয়।
কেনেবাকৈ এই ৰোগৰ ভাইৰাছ সংক্ৰমন কৰাৰ সন্দেহতে দেশত অতিৰিক্তভাৱে এই পালছ পলিঅ’ ইমুনাইজেচন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।