ডিফুঃ ডিফু চহৰৰ মাজমজিয়াত এজন লোকে শনিবাৰে চিপ লৈ আত্মহত্যা কৰা ঘটনাত চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্ৰাপ্ত তথ্য অনুসৰি, ডিফু দৈনিক বজাৰত থকা ডিকে এণ্টাৰপ্ৰাইজত মেনেজাৰ হিচাবে কাম কৰা শক্তি ৰঞ্জন দাস (৪৯)-এ অইন দিনৰ দৰে দোকানত কৰ্তব্যত যোগদান কৰাৰ পাছত পুৱা ১০ মান বজাত ডিফু চহৰৰ মাজেৰে যোৱা এমজি ৰোডৰ ইউবিআই বেংকৰ বিপৰীত দিশত থকা গুদামৰপৰা মাল আনিবলৈ যায়৷

মাল আনিবলৈ গৈ বহু সময়লৈ শক্তি ৰঞ্জন নহা দেখি দোকানৰ আন এজন কৰ্মচাৰী গুদামলৈ গৈ শক্তি ৰঞ্জন দাসক চিলিঙৰ ফেনৰ হুকত প্লাষ্টিকৰ ৰছীৰে চিপ লৈ উলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰি হুলস্থূল আৰম্ভ কৰে৷

পাছত ডিফু থানাৰ অচি দিপেন দাস আৰু ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিতোষ পুৰকায়স্থ ঘটনাস্থলীত উপস্থিত হৈ কাৰ্যবাহী দণ্ডাধীশ উপসনা দত্তৰ উপস্থিতিত মৃতদেহ নমাই ডিফু চিভিল হাস্পাতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷

শক্তিৰঞ্জন দাসৰ বন্ধুমহলে জানিবলৈ দিয়া মতে দাসে বিগত ৮ বছৰৰপৰা ডিফু চহৰৰ ব্যৱসায়ী দীপক ঘোষৰ ডিকে এণ্টাৰপ্ৰাইজত মেনেজাৰ হিচাপে কাম কৰি আছিল৷

ডিফু শীতলাবাৰীৰ বাসিন্দা সুনিল ৰঞ্জন দাসৰ পুত্ৰ শক্তি ৰঞ্জন দাসে ইহ সংসাৰত পত্নী আৰু দুটা সন্তান এৰি থৈ গৈছে৷ তেওঁৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ এই সন্দৰ্ভত ডিফু থানাত ০৬/১৯ নম্বৰত এক ইউডি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে৷