জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ অন্তৰ্গত বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত শান্তিজান অৰ্ধ-সাপ্তাহিক বজাৰত আজি কিছুদিন ধৰি এক দুষ্টচক্ৰই অবৈধভাৱে দোকান ঘৰ নিৰ্মাণ কৰাৰ লগতে একাংশই অবৈধভাৱে মাচুল সংগ্ৰহ কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।

শান্তিজান বজাৰ পৰিচালনা সমিতিয়ে দিয়া এক অভিযোগ অনুসৰি দুষ্টচক্ৰটোৱে যোৱা ফেব্ৰুৱাৰী মাহৰপৰা এক কুটিল ষড়যন্ত্ৰত লিপ্ত হৈ বজাৰৰ কেইবাখনো দোকানৰ ভেটি অবৈধভাৱে দখল কৰিছে। 

যাৰ ফলত বজাৰ পৰিচালনা কৰাত পৰিচালনা সমিতি ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছে। উল্লেখ্য, ইতিমধ্যে বজাৰ পৰিচালনা সমিতিয়ে বজাৰখন সু-শৃংখলিত আৰু উন্নীতকৰণৰ বাবে প্ৰায় ২ লাখ ৮০ হাজাৰ টকা ব্যয় কৰি ক্ষুদ্ৰ ব্যৱসায়ীক এক সংস্থাপন দিয়াৰ লগতে বজাৰখন শৃংখলাবদ্ধভাৱে গঢ়াৰ যত্ন অব্যাহত ৰাখিছে।

কিন্তু দুষ্টচক্ৰটোৱে বজাৰখন উন্নীতকৰণত বাধা দি কেৱল মাত্ৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। আনকি প্ৰায় ছমাহ পূৰ্বে ধিং ৰাজহ চক্ৰ বিষয়াৰপৰা বজাৰখনৰ ভিতৰত অবৈধভাৱে নিৰ্মান কৰা কিছুমান দোকানৰ উচ্ছেদৰ জাননী জাৰি কৰিছিল যদিও আজিলৈকে উক্ত দোকানসমূহ উচ্ছেদ নোহোৱাৰ বিষয়টোয়ে ৰহস্যৰ সৃষ্টি কৰিছে।

নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বটদ্ৰৱা, ৰাইডঙীয়া, ভোমোৰাগুৰি, ভেটিয়নী, ৰামপুৰ, কদমনি, বাটমাৰী, হাইডুবী, ধনীয়াভেটি, সোনাইবেৰা, লালুং গাঁও, গাখজুৱা, জামুগুৰি, শিমলুআটি আদি প্ৰায় কুৰিখন গাঁৱৰ হিন্দু-মুছলমান সকলোৰে সমন্বয় থলী বুলি পৰিগনিত সতী শান্তিৰ নামত প্ৰতিস্থিত শান্তিজান বজাৰৰ অবৈধ দোকানসমূহ উচ্ছেদ কৰাৰ লগতে দুষ্টচক্ৰক কঠোৰ হাতেৰে দমন কৰি পুনৰ সুশৃংখল ৰূপত বজাৰখন প্ৰতিষ্ঠা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ, জিলা প্ৰশাসনক দাবী জনাইছে শান্তিজান বজাৰ পৰিচালনা সমিতিৰ লগতে সচেতন ৰাইজে৷