গোসাইগাঁঁওঃ গোসাইগাঁও সদৰ-চহৰস্থিত গোসাইগাঁও উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হস্ততাঁত-বস্ত্ৰ শিল্প মেলাত বুধবাৰে ক্ৰেতা-বিক্ৰেতা সন্মিলনৰ আয়োজন কৰা হয়৷ ভাৰত চৰকাৰৰ হস্ততাঁত-বস্ত্ৰ শিল্পৰ আয়ুক্তৰ উন্নয়ন প্ৰকল্পৰ সহযোগত আৰু হস্ততাত-বস্ত্ৰ শিল্পৰ গোসাইগাঁও কাৰ্যালয়ৰ উদ্যোগত আয়োজিত সন্মিলনত গোসাইগাঁও মহকুমাৰ ময়নাগুৰি ক্লাষ্টাৰ শিপিনীসকল উপস্থিত থাকে৷

গোসাইগাঁও হস্ততাঁত-বস্ত্ৰশিল্পৰ অধীক্ষক হীৰণ্য দেৱীয়ে আঁত ধৰা সন্মিলনত ময়নাগুৰি ক্লাষ্টাৰৰ অন্তৰ্গত আঠটা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে৷ সন্মিলনত অংশগ্ৰহণ কৰা শিপিনীসকল নিজে তৈয়াৰ কৰা সামগ্ৰীসমূহ প্ৰদৰ্শন কৰে৷

কাৰ্যসূচীত উপস্থিত চিৰাং জিলাৰ হস্ততাঁত-বস্ত্ৰশিল্পৰ সহকাৰী সঞ্চালক ধজেন্দ্ৰ কোচাৰীয়ে গুৰুত্বপূৰ্ণ ভাষণ দিয়াৰ লগতে শিপিনীসকলক উৎপাদন সন্দৰ্ভত দিহা-পৰামৰ্শ দিয়ে৷ উপস্থিত ব্ৰফেডৰ সঞ্চালক এনএন ৰানা পাটগিৰিয়ে শিপিনীসকলক কি ধৰণৰ কাপোৰ উৎপাদন কৰিলে বজাৰ দখল কৰিব পাৰিব সেই সন্দৰ্ভত ভাষণ দিয়ে৷

তেওঁ বিশেষকৈ বস্ত্ৰৰ ৰং কেনেদৰে হ’ব লাগে অথবা ৰাইজে কি ৰঙৰ বস্ত্ৰ কিনিবলৈ আকৰ্ষিত হ’ব সেই বিষয়ে দিহা-পৰামৰ্শ দিয়ে৷ সন্মিলনত বিভাগীয় কেইবাজনো বিষয়া-কৰ্মচাৰীসহ শতাধিক শিপিনী উপস্থিত থাকে৷