লিডুঃ মাৰ্ঘেৰিটা মহকুমাৰ লিডুত বৃহস্পতিবাৰে বিজেপিৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। বিজেপিৰ মনোনিত প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ হৈ লিডু বজাৰ হাইস্কুল খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰে মন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই৷ দিনৰ প্ৰায় ১২ বজাত বৰগোলাইস্থিত ৰাজীৱ গান্ধী ক্ৰিয়া খেলপথাৰত হেলিকপ্তাৰৰ যোগে অৱতৰন কৰি মন্ত্ৰী গৰাকীয়ে গাড়ীৰেৰে সভাত উপস্থিত হয় মন্ত্ৰীগৰাকী৷ 

নিৰ্বাচনী সভাত উপস্থিত থাকে মাৰ্ঘেৰিটাৰ সমষ্টিৰ স্থানীয় বিধায়ক ভাষ্কৰ শৰ্মাৰ লগতে তিনিচুকীয়া জিলাৰ বিজেপিৰ বহুকেইজন জ্যেষ্ঠ নেতা৷ ইফালে, সভাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ মনোনিত প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে কিছু সময়ৰ বাবে উপস্থিত হৈ সাধাৰণ জনতাক উদ্দেশ্য কৰি ভাষণ প্ৰদান কৰে৷ 

জনসভাত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ভাষণৰ প্ৰসংগত উল্লেখ কৰি কয় যে আমি বিচাৰিছিলো বগীবিলৰ দলং, ধলা-শদিয়াৰ দলং মনমোহন সিঙৰ কাৰ্যকালতে সম্পূৰ্ণ হওঁক, কিন্তু গুজৰাটৰ সন্তান নৰেন্দ্ৰ মোদীৰ দিনতহে হ’ল, অসমৰ সাংসদ হৈ মনমোহন সিঙে ডিঙিত গামোছা নল’লে, কিন্তু মোদীয়ে গামোচাক সন্মান দিলে, অসমীয়াক সন্মান দিলে৷ 

লগতে তেওঁ কয় যে তৰুণ গগৈৰ অৰ্থনীতি আছিল ধুতি, লুঙী, সূতা দিয়া অৰ্থনীতি৷ তৰুণ গগৈ আৰু ৫ বছৰ থকা হ’লে কংগ্ৰেছৰ প্ৰতীক চিহ্ন ধুতি লুঙী হ’লহেতেন বুলিও মন্তব্যত প্ৰকাশ কৰে৷ 

নগাঁওৰপৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰদুৎ বৰদলৈকো তীব্ৰ বাক্য বানেৰে কটাক্ষ কৰি আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক বিপুল ভোটত জয়লাভ কৰাবলৈ পদুম চিহ্নত ভোট দিবলৈ জনসাধাৰণক আহবান জনাই শৰ্মাই৷ লগতে সাংবাদিকেৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীজনে শীঘ্ৰেই মাৰ্ঘেৰিটাৰ বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ সমূহ মেৰামতি কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷