খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ হামৰেন বন সংমণ্ডল অধীনত হামৰেনস্থিত ৰিক্ৰিয়েচন পার্ক নিৰ্মাণৰ নামত সংঘটিত হৈছে ৭৮ লাখ টকাৰ দুৰ্নীতি। ৰিক্ৰিয়েচন পার্ক নিৰ্মাণৰ বাবে বিগত ২০১০-১১ বিত্তীয় বৰ্ষত আবন্টন দিয়া হৈছিল ৭৮ লাখ টকা। সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদে এক সংবাদমেল আয়োজন কৰি তুলিছে এই গুৰুত্বপূৰ্ণ অভিযোগ।
অভিযোগ অনুসৰি বৃহৎ পৰিমাণৰ ধন আবন্টন দিয়াৰ পিছতো সম্পূৰ্ণ হৈ নুঠিল উক্ত ৰিক্ৰিয়েচন পার্কখন। সংবাদমেলত ছাত্ৰ পৰিষদৰ সভাপতি বিবিচন টেৰণ, সাধাৰণ সম্পাদক জিন্টু হাজৰিকা কয় যে এই সন্দৰ্ভত হামৰেন আৰক্ষী থানাত ক্ৰমে জিলা বন বিষয়া জে এন হাজৰিকা, নন্দৰাম টেৰণ, এ চি এফ জে কে ব্ৰহ্ম, বন বিষয়া বি বি সিংহা, মোহন ছিং তিচ্ছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে যদিও আৰক্ষীয়ে কোনো ধৰণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা নায়।
আনহাতে, এই সম্পৰ্কে নিৰপেক্ষ তদন্ত বিচাৰি ৰাজ্যপাল জগদীশ মুখীক স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক বাৰে বাৰে অৱগত কৰি আহিছে কিন্তু ইয়াৰ তদন্ত আজি লৈকে নহ’ল বুলি সংবাদমেলত প্ৰকাশ কৰিছে সংগঠনটোয়ে।
কেৱল ইমানেই নহয়, কাৰ্বি আংলঙৰ বন বিভাগত চাকৰি নিযুক্তি দিয়াৰ ক্ষেত্ৰতো ব্যাপকভাৱে অনিয়ম হৈছে বুলি সংবাদ মেলত সদৰী কৰিছে ছাত্ৰ পৰিষদৰ নেতৃত্ববৃন্দই। ছাত্ৰ পৰিষদৰ নেতাবৃন্দই তুলিৰাম ৰংহাঙক প্ৰত্যাহ্বান জনাই কয় যে সাহস থাকিলে তদন্ত ব্যৱস্থা গ্ৰহণ কৰক ৰংহাঙে এই বিষয়বোৰৰ ওপৰত।
উল্লেখযোগ্য যে, শূন্যসহনশীলতাৰ নীতি অৱলম্বন কৰা চৰকাৰ অৰ্থাৎ দুৰ্নীতিক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে বুলি দাবী কৰা চৰকাৰখনৰ দিনত সংঘটিত হৈ অহা এনেবোৰ দুৰ্নীতিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টোয়ে স্বাভাৱিকতে এতিয়া ৰাজনৈতিক, সচেতন মহলত বিশেষ চৰ্চা লাভ কৰিছে।