গোসাঁইগাঁওঃ গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষী চকীৰ অন্তৰ্গত ডামৰাপাৰাত ধৰ্ষণ কাৰ্য সংঘটিত কৰা এজন লম্পট যুৱকক মঙলবাৰে উত্তম মধ্যম দি শিমুলটাপু আৰক্ষীক গতাই দিয়ে। 

জানিব পৰা মতে লম্পট নাৰায়ণ দে (৩৬) নামৰ যুৱকজনে নিজ গৃহত বন কৰা এগৰাকী ১২ বছৰীয়া ছোৱালীক আজিৰপৰা সাত বছৰৰ পূৰ্বে বলপূৰ্বক ধৰ্ষণ কৰিছিল৷ সেই কথা প্ৰকাশ কৰিলে প্ৰাণ নাষৰ ভাবুকি প্ৰদান কৰাত ছোৱালীজনীয়ে৷ ইমান দিনে মা দেউতাক ওচৰত প্ৰকাশ কৰা এই বিষয়ত কোনোধৰণৰ কথা প্ৰকাশ কৰা নাছিল। 

কিন্তু বৰ্তমান ছোৱালীজনীৰ শাৰিৰীক পৰিবৰ্তন হোৱা লক্ষ্য কৰি মা দেউতাই প্ৰশ্ন কৰাত ছোৱালী জনীয়ে সকলো কথা মাক-দেউতাক জনায়। পাছত চিকিৎসকৰ ওচৰলৈ লৈ যোৱাত পৰীক্ষা কৰাত ছোৱালীজনী সাত মাহৰ অন্তঃসত্বা বুলি চিকিৎসকে অবগত কৰে।

তাৰ পাছতেই স্থানীয় ৰাইজ আৰু জাতীয় সংগঠনৰ একাংশ লোকে লম্পট নাৰায়ণ দেক শোধা পোছা কৰাৰত নিজৰ কুকৰ্মৰ কথা স্বীকাৰ কৰাত উত্তম মধ্যম দি শিমুলটাপু আৰক্ষী চকীত গতাই দিয়ে। নাবালিকা ছোৱালীজনীক বলপূৰ্বক ধৰ্ষণ কৰা ধৰ্ষণকাৰী নাৰায়ন দেক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজ আৰু ভূক্তভোগি পৰিয়ালটোৱে।