বৰপেটাঃ বৰপেটাৰ আবৰ্ত ভৱনত স্থাপিত ই ভি এম চেলত মঙলবাৰে ধন লুটৰ ঘটনা সংঘটিত হয়৷ দুৰ্বৃত্তই নিৰ্বাচনী কৰ্তব্যত নিয়োজিত চৰকাৰী কৰ্মচাৰীৰ ধন লুট কৰি নিয়ে৷

নগদ ৫৪ হেজাৰ টকাৰে ভৰ্তি মোনা লৈ দুই দুবৰ্বৃত্তই উধাতু খাই ঘটনাস্থলীৰ পলায়ন কৰে৷ আনহাতে, ভুক্তভোগীয়ে নিৰ্বাচনী প্ৰশিক্ষণত অংশ লৈ থকাৰ সময়তে এই ধন-লুটৰ ঘটনা সংঘটিত হয়৷

ঘটনাক্ৰমে বেংকৰপৰা ধন উলিয়াই পোনে পোনে নিৰ্বাচনী প্ৰশিক্ষণত অংশ লৈছিল কৰ্মচাৰীজনে৷ সেই কথা সম্ভেদ পাই কোনোবা দুই দুৰ্বৃত্তই কাঢ়ি নিয়ে ৫৪ হাজাৰ টকা৷

ধন লুটৰ ঘটনাৰ সন্মুখীন হোৱা কৰ্মচাৰীজন তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মইদুল ইছলাম বুলি জানিব পৰা গৈছে৷