নগাঁওঃ নগাঁও চহৰৰ সমীপৱৰ্তী ডিফলু সত্ৰৰ সত্ৰাধিকাৰ তথা বিশিষ্ট সমাজকৰ্মী পীতাম্বৰ দেৱগোস্বামীৰ বুধবাৰে পুৱা প্ৰায় ৫ বজাত বাৰ্ধক্যজনীত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে।
১৯৩৮ চনৰ ২১ জানুৱাৰীত জন্ম গ্ৰহণ কৰা সত্ৰাধিকাৰ গৰাকীয়ে জ্যোতিষ গণনা কৰাৰ লগতে বিভিন্ন সামাজিক-সাংস্কৃতিক কাম কাজৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। অমায়িক স্বভাৱৰ সত্ৰাধিকাৰজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে।
তেওঁৰ মৃত্যুত নগাঁৱৰ বহুকেইটা সামাজিক সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে বিধায়ক ৰূপক শৰ্মাই গভীৰ শোক ব্যক্ত কৰে। ৮১ বছৰ বয়সত মৃত্যু হোৱা সত্ৰাধিকাৰ গৰাকীয়ে মৃত্যুৰ সময়ত পত্নী, এজন পুত্ৰ আৰু দুগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়।