কাজিৰঙাৰপৰা পলিমা চেতিয়া বসুমতাৰীঃ দুৱাৰ বাগৰি আৰক্ষী চকীৰ অধীনত কুঠৰীৰ নজান নামৰ ঠাইত বৃহস্পতিবাৰে টেংকাৰৰপৰা তেল চুৰি কৰি থাকোতে জুই লাগি এখন তেল ভৰ্তি টেংকাৰ আৰু এখন লাইন হোটেল সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

জানিব পৰা মতে উক্ত আৰক্ষী চকীৰ অধীনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নজান নামৰ ঠাইখনত আজি আবেলি ফকৰউদ্দিন আহমেদৰ লাইন হোটেলৰ পিছফালে অবৈধভাৱে এখন টেংকাৰৰপৰা ডিজেল উলিয়াই থাকোতে হঠাৎ জুই লাগে।

জুয়ে তৎক্ষণাৎ ডিজেল ভৰ্তি টেংকাৰখন আবৰি ধৰে। তেল চোৰকেইটা কোনোমতে পলাই প্ৰাণ ৰক্ষা কৰে যদিও তেল ভৰ্তি টেংকাৰখন সম্পূৰ্ণৰূপে  ভস্মীভূত হয়। টেংকাৰৰ কাষত থকা ফকৰউদ্দিন আহমেদৰ লাইন হোটেলখনো জুইত ভস্মীভূত হয় বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

আনহাতে ৰাইজে অভিযোগ কৰা মতে বহু পলমকৈ কলিয়াবৰৰপৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য, লাইন হোটেলখনত সেই সময়ত এএছ ০১ এছটি নম্বৰৰ আন এখন টেংকাৰো ৰৈ আছিল যদিও ঘটনাৰ লগে লগে উক্ত টেংকাৰখন সেই স্থানৰপৰা পলায়ন কৰে। ফকৰউদ্দিন আহমেদৰ লাইন হোটেলৰপৰাও দুৱাৰ বাগৰি আৰক্ষীয়ে প্ৰায় ৪০ ড্ৰাম অবৈধভাৱে মজুত কৰি থোৱা চোৰাং তেল জব্দ কৰিবলৈ সক্ষম হয়।

ইফালে এই ঘটনাৰ পাছত স্থানীয় ৰাইজে নজান নিবাসী নুৰ ইছলামৰ ঘৰৰ পিছফালে অবৈধভাৱে জমা কৰি থোৱা কিছু চোৰাং তেল উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য, দুৱাৰ বাগৰি আৰক্ষী চকীৰ অধীনত বহু দিনৰপৰাই নজান, হাৰমতি, বাগৰি আদি এলেকাত অৰ্থাৎ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গঢ়ি উঠা কিছু লাইন হোটেলত অবাধ গতিত ৰাষ্ট্ৰীয় পথেৰে চলাচল কৰা গাড়ীৰপৰা অবৈধভাৱে তেল, লো জাতীয় সামগ্ৰীকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী নমাই এক বৃহৎ চোৰাং বজাৰ গঢ়ি উঠিছে।

ইয়াৰ পূৰ্বেও দুৱাৰ বাগৰি আৰক্ষী চকীৰ অধীনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হাৰমতিত এনে ধৰণে চোৰাংকৈ টেংকাৰৰপৰা তেল নমাই থাকোতে জুই লাগি টেংকাৰ আৰু হোটেল ভস্মীভূত হৈছিল।