গুৱাহাটীঃ অসমীয়া জাতিৰ কণ-কঠিয়াক নিঃশেষ কৰাৰ বাবে বিজেপিয়ে এতিয়া ধৰ্মৰ আফিং খোৱাইছে একাংশ অসমীয়াক। বিজেপিৰ ধৰ্ম আফিং খাই একাংশ অসমীয়া এতিয়া অন্ধ হৈ পৰিছে। ফলত অন্ধ হৈ পৰা একাংশ অসমীয়াই মাতৃভূমিক বিশ্বাসঘাটকতা কৰি এতিয়া বিজেপিক ভোট দিবলৈ আগবাঢ়ি গৈছে।
এই মন্তব্য যুব নেতা অখিল গগৈৰ। অসমবাসীৰ তীব্ৰ আন্দোলনৰ পাছতো অমিত শ্বাহ, নৰেন্দ্ৰ মোডীৰ পাছত এইবাৰ ৰঙালী বিহুৰ দ্বিতীয় দিনা অৰ্থাৎ ১৬ এপ্ৰিলৰ দিনা বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে শিলচৰৰ এক নিৰ্বাচনীৰ জনসভাত অংশগ্ৰহণ কৰি পুনৰবাৰ অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ৩১ জুলাইত এনআৰচিৰ চূড়ান্ত খচৰাৰ প্ৰকাশ পোৱাৰ পাছতে গৃহীত কৰিব বুলি কৰা মন্তব্য সম্পৰ্কত বুধবাৰে গগৈয়ে এক সংবাদ মেল সম্বোধন কৰি বিজেপি দলক তীব্ৰ সমালোচনা কৰে।
গুৱাহাটীস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যলয়ত সংবাদ মেলখন সম্বোধন কৰি চলিত লোকসভাৰ নিৰ্বাচনত অসমক ভাল পোৱা, অসমীয়াক ভাল পোৱা প্ৰতিজন অসমীয়াক বিজেপিৰ বিৰুদ্ধে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে আহ্বান জনায়।
বিজেপিয়ে অসমীয়া জাতিসত্তাক ধ্বংস কৰাৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে অভিসন্ধি ৰচনা কৰিছে। আনহাতে তেওঁ কয় পৃথিৱীৰ কোনো দেশত আইন প্ৰণয়ন কৰি বিদেশীক স্বদেশী কৰাৰ ইতিহাস আজিলৈকে সংঘটিত হোৱা নাই। কিন্তু বিজেপি চৰকাৰে তেনে আইন প্ৰণয়ন কৰিবলৈ ওলাইছে।
বিজেপিক যিসকল অসমীয়াই লোকসভাৰ নিৰ্বাচনত ভোট দিছে সেইসকল প্ৰকৃততে অসমীয়া নহয় বুলি তেওঁ মন্তব্য কৰে। ইয়াৰ উপৰিও তেওঁ কয়, বিজেপি-আৰএছএছ আৰু সংঘৰ পৰিয়ালৰ বান্দৰ সেনানীয়ে অসমীয়া জাতীৰ বৃহৎ অংশক ভাং খোৱাইছে।
সকলো অসমীয়া বিজেপিৰ বিৰুদ্ধে পুনৰ ঐক্যবদ্ধ হব লাগে বুলিও তেওঁ আহ্বান জনায়।
আনহাতে বিদেশীক বিতাৰণ কৰাৰ প্ৰতিশ্ৰুতিয়ে শাসনত বহা চৰকাৰে বিগত ৪ বছৰত মাত্ৰ ৪ জন বিদেশীক বিতাড়ণ কৰি বিজেপি চৰকাৰে এক ইতিহাস ৰচনা কৰাৰ বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ উপৰিও ভাৰত-বাংলা সীমান্ত ছীল কৰাৰ সন্দৰ্ভত যোৱা নিৰ্বাচনৰ সময়ত বিজেপি চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি আজি পৰ্যন্ত কাৰ্যত পৰিণত কৰিব নোৱাৰা সন্দৰ্ভতো বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে কৃষক নেতা গৰাকীয়ে।
তেওঁ কয় বিজেপি চৰকাৰৰ গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিগত পাঁচ বছৰত সংসদত ভাৰত-বাংলা সীমান্ত ছীল কৰাৰ কাম ২০১৯ চনৰ ৩১ মাৰ্চত সৰ্ম্পূণ হ’ব বুলি উল্লেখ কৰিছিল। কিন্তু ৩১ মাৰ্চ কেতিয়াবাই হৈ গ’ল কিন্তু আজি পৰ্যন্ত এই কাম সম্পূৰ্ণ নহ’ল। তাৰ পৰিৱৰ্তে নিৰ্বাচনৰ অহা দেখি যোৱা পাঁচ মাৰ্চ তাৰিখে বিজেপি চৰকাৰে ৬১ কিঃমিঃ স্মাৰ্ট ফ্রেন্সিং দি সীমান্ত ছীলৰ বিষয়টো তল পেলাবলৈ চেষ্টা কৰা বুলিও তেওঁ কাটাক্ষ কৰে।
আনহাতে মঙলদৈ লোকসভাৰ সমষ্টিত 'কেব’ বিৰোধীত কৰা কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাক অসমীয়া ৰাইজে ভোট দিব লাগে বুলিও তেওঁ আহ্বান জনায়। কাৰণ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই 'কেব’ক সদায় সমৰ্থন কৰি আহিছে।