অভিজিৎ তালুকদাৰ, তামুলপুৰঃ বাক্সা জিলাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ ২নং বগৰিখুটি গাঁৱৰ ৰাইজৰ অভিনৱ প্ৰতিবাদ।
৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া চৌদিশে ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। ঠিক সেই সময়তে বাক্সা জিলাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ ভাৰত-ভূটান সীমান্তৰ ২ নং বগৰীখুটি গাঁৱৰ ৰাইজৰ ভোট বর্জনৰ সিদ্ধান্তই চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
উল্লেখ যে, ভাৰত স্বাধীন হোৱাৰ পাছৰেপৰা অঞ্চলটোৰ লোকে এটুপি বিশুদ্ধ খোৱা পানীৰপৰা বঞ্চিত হ’বলগীয়া হোৱাত সম্প্ৰতি ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। অঞ্চলটোৰ পুৰুষ-মহিলাসকলে হাতত বেনাৰ আৰু প’ষ্টাৰ লৈ ৰাজপথলৈ ওলাই অহাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
অঞ্চলটোৰ পুৰুষ-মহিলাসকলে সংবাদ মাধ্যমক ক্ষোভেৰে জানিবলৈ দিয়া মতে, আজিলৈ বৃহত্তৰ ২নং বগৰিখুটি অঞ্চলত কোনো ধৰণৰ খোৱা পানীৰ ব্যৱস্থা কৰা হোৱা নাই। বছৰৰ পাছত বছৰ ধৰি এই অঞ্চলটোৰ ৰাইজে দোংৰ পানী, পুখুৰী, নিজৰা আদিৰপৰা অপৰিষ্কাৰ পানী খাবলৈ বাধ্য হৈ আহিছে।
বিগত সময়ত বিশুদ্ধ খোৱাপানীৰ অভাৱত অঞ্চলটোৰ লোকসকলে ডায়েৰীয়া, মেলেৰিয়াৰ লগতে বিভিন্ন জটিল ৰোগত আক্ৰান্ত হ’বলগীয়া হোৱাৰ উপৰিও বহুতো লোকৰ মৃত্যুও হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ আনিছে।
সেয়েহে এইবাৰ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থীয়ে ২ নং বগৰীখুটি গাঁৱৰ ভোটাৰ ৰাইজক নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই খোৱাপানীৰ সু-ব্যৱস্থা কৰি দিব সেইজন প্ৰাৰ্থীকে ভোটাৰে ভোট প্ৰদান কৰিব।
অঞ্চলটোৰপৰা মাথোঁ ১ কিলোমিটাৰ দূৰত্বত বাস কৰা ২৭ নং নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ পৰিষদীয় সদস্য ধৰ্ম নাৰায়ণ দাসৰ নিজ বাসগৃহ যদিও আজিলৈকে ইয়াত খোৱা পানীৰ কোনো ব্যবস্থা হৈ নুঠাত এইদৰে ক্ষোভ উজাৰিছে অঞ্চলটোৰ ৰাইজে।
যাৰ ফলস্বৰূপে এইদৰেই বহুতো পুৰুষ মহিলাই ৰাজপথলৈ ওলাই আহি আমাক পানী লাগে, পানী দিয়ক, পানী নিদিলে ভোট নাই আদি শ্ল’গানেৰে উত্তাল কৰি তোলে ২নং বগৰিখুটিৰ নাগ্ৰীজুলি-গুৱাবাৰী সংলগ্ন মূল পথ।