গুৱাহাটীঃ দুৰ্নীতিৰ বিৰোধী যুৱ শক্তি অসমৰ ২০১৯ বর্ষৰ 'শূন্য সহনশীলতা বঁটা’ ঘোষণা। অন্যায়ৰ বিৰুদ্ধে আপোচবিহীনভাৱে কৰ্ম সম্পাদন কৰি অহা বিভিন্ন ক্ষেত্ৰৰ ৯ গৰাকীৰ সন্মানীয় ব্যক্তিলৈ এইবর্ষৰ 'শূন্য সহনশীলতা বঁটা' আগবঢ়োৱা হ’ব।
এইবর্ষত সংগঠনটোৱে বঁটা প্ৰদান কৰিব লগা ব্যক্তিকেইগৰাকীৰ হৈছে জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, অসম পাব্লিক ৱৰ্কছৰ কর্মী অভিজিৎ শৰ্মা, আৰক্ষীৰ অধীক্ষক মুকুল শইকীয়া, নিউজ লাইভ জ্যেষ্ঠ সাংবাদিক ৰঞ্জনলাল শৰ্মা, প্ৰতিদিন টাইমৰ সহযোগী সম্পাদক শোণিত কুমাৰ ভূঞা, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক জয়ন্ত দাস, গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা দিগন্ত গগৈ আৰু সাংবাদিক ৰিংকু তামুলীকৈ আগবঢ়োৱা হ’ব এই বর্ষৰ 'শূন্য সহনশীলতা বঁটা'।
এই কথা শুকুৰবাৰে এক সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে। গুৱাহাটীৰ প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলখনত সভাপতি গগৈয়ে লগতে জানিবলৈ দিয়ে, যিসকল ব্যক্তিক তেওঁলোকে দ্বিতীয় বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰিব, তেওঁলোকৰ কৰ্মৰাজিৰ সম্পৰ্কে একোখনকৈ তথ্য-চিত্ৰ প্ৰস্তুত কৰা হ’ব।
ইফালে অহা ৮ আৰু ৯ ডিচেম্বৰত আন্তৰাষ্টীয় দুৰ্নীতি বিৰোধী দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীত ২০১৯ বর্ষৰ 'শূণ্য সহনশীলতা বঁটা' প্ৰদান কৰা হ’ব। উল্লেখ্য যে এই বঁটাত এখন তাম্ৰ পত্ৰ, সম্বৰ্ধনা পত্ৰ, সঁফুৰা, চেলেং, জাপি, গামোচা আৰু মাননি থাকিব বুলি সংগঠনটোৱে জানিবলৈ দিয়ে।
আনহাতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বৃহস্পতিবাৰে ৰাজ্যৰ চাৰি গৰাকী জ্যেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে তদন্তৰ নির্দেশ জাৰি কৰাৰ ঘটনাৰো তীব্ৰ বিৰোধিতা কৰে। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে এই সম্পৰ্কত কয় মোডী চৰকাৰৰ ফেচিবাদী শাসনৰ বিৰুদ্ধে ৰাজ্যৰ চাৰিগৰাকীৰ জ্যেষ্ঠ সাংবাদিক ক্ৰমে অজিত কুমাৰ ভূঞা, নিতুমনি শইকীয়া, আফ্ৰিদা হুছেইন আৰু মনজিৎ মহন্তই ৰাইজৰ পক্ষত থাকি বিভিন্ন সময়ত চৰকাৰৰ ফেচিষ্ট চৰিত্ৰ উদঙাই দিয়াৰ বাবে এতিয়া সাংবাদিককেইজনৰ বিৰুদ্ধে তদন্তৰ নির্দেশ দিয়াটো এখন গণতান্ত্ৰিক দেশৰ বাবে শুভ লক্ষণ নহয়।
ৰাইজৰ পক্ষত থাকি প্ৰকৃত সংবাদ যোগান ধৰাৰ সাংবাদিককেইজনৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰি ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ জাপি দিয়াৰ বাবে বিজেপি চৰকাৰখনে কাম কৰাৰ বুলিও অভিযোগ উথাপন কৰে।লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাই সংগঠনটোৱে কয়, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰি জ্যেষ্ঠ সাংবাদিককেইজনৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেই অভিযোগ খণ্ডন কৰা উচিত।