নগাঁওঃ নগাঁও জিলাৰ অগ্ৰণী বেচৰকাৰী অনুষ্ঠান ছান মাল্টি ট্ৰেডিং ক'অপাৰেটিভ ছ'চাইটী লিমিটেড, ছচিঅ' ইকনমিক ডেভেলপমেন্ট অৰ্গেনাইজেশ্যন আৰু ছান প্ৰগতিশীল বোৱা-কটা সমবায়ৰ উদ্যোগত "ছান ক'চিং চেন্টাৰ" নামৰ এক প্ৰতিষ্ঠান যোৱা ১৯ এপ্ৰিলত বেবেজীয়াৰ সমীপৰ কুজাৰবড়িস্থিত মুখ্য কাৰ্যালয়ত মুকলি কৰা হয়।
এই মৰ্মে সেইদিনা পুৱা ৯ বজাত কৃষ্ণ গুৰু ভকতবৃন্দৰদ্বাৰা বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰা হয়। ১০ বজাত অনুষ্ঠিত হয় মুকলি সভা। ছান মাল্টি ট্ৰেডিং ক'অপাৰেটিভ ছ'চাইটী লিমিটেডৰ সভাপতি নৰেশ্বৰ বৰাই সভাপতিত্ব কৰা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে ছানৰ মুখ্য সচিব ৰিংকু বৰাই।
সভাৰ আৰম্ভনিতে এটি লোকগীত পৰিৱেশন কৰে লক্ষীমাই দেৱীয়ে। সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে অৱসৰপ্ৰাপ্ত শিক্ষক গম্ভীৰ নাথ, আঞ্চলিক পঞ্চায়তৰ সদস্যা মিনতি দেৱী, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সাংগঠনিক ৰাজীৱ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষকদ্বয় বদন চন্দ্ৰ লস্কৰ, তৰেন ডেকা, শালমৰা আঞ্চলিক পঞ্চায়তৰ সদস্য যতীন শইকীয়া, সমাজকৰ্মী ধৰনী হাজৰিকা, শিক্ষয়িত্ৰী দীপ্তি মজুমদাৰ, অৰুণ ফুকন, ভক্তি মজুমদাৰ আৰু বহুকেইজন বিশিষ্ট ব্যক্তিয়ে।
কবিতা আবৃত্তিৰে সভাখনি জীপাল কৰে শিক্ষয়িত্ৰী ধৰিত্ৰী শৰ্মা ফুকন, মেঘনা তেজস্বিনী, বৈভৱ বিকাশ, কৃষ্টি প্ৰিয়ম শইকীয়া আৰু শ্ৰীমন্ত বৰাই। সভাত সমাজৰ হৈ বক্তব্য দাঙি ধৰে দিপালী শইকীয়াই।
উল্লেখ্য যে উক্ত ক'চিং চেন্টাৰত পুৱা ৫-৩০ৰপৰা ৬-৩০লৈ, ৬-৩০ৰপৰা ৭-৩০লৈ আৰু আবেলি ৩-৩০ৰপৰা ৪-৩০লৈ, ৪-৩০ৰপৰা ৫-৩০লৈ অভিজ্ঞ শিক্ষকৰদ্বাৰা পাঠদানৰ লগতে প্ৰত্যেক দেওবাৰে পুৱা ৭ বজাৰপৰা ৮ বজালৈ যোগ শিক্ষা প্ৰদান কৰা হ’ব বুলি মুখ্য সচিব ৰিংকু বৰাই জানিবলৈ দিছে।