দৰংঃ দৰঙৰ খাৰুপেটীয়াত প্ৰকৃতিপ্ৰেমী কিশোৰ-কিশোৰীয়ে চিলনীৰ মুখৰপৰা উদ্ধাৰ কৰিলে বিৰল প্ৰজাতিৰ ফেঁচা (হুদু) চৰাই|

শনিবাৰে কিশোৰ-কিশোৰীকেইগৰাকীয়ে পুৱা খেলি থাকোতে চিলনীয়ে এই বিৰল প্ৰজাতিৰ চৰাইটো চিকাৰ কৰি লৈ গৈ থকা অৱস্থাত তেওঁলোকৰ সন্মুখতে আকাশৰপৰা চিলনীৰ মুখৰপৰা পৰি যায়| 

পাছত চিলনীয়ে পুনৰবাৰ উঠাবলৈ লওঁতেই কিশোৰ-কিশোৰীকেইটাই আগচি ধৰি চিলনীৰ মুখৰপৰা উদ্ধাৰ কৰি মানৱতা তথা প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন দাঙি ধৰে|

ইফালে খাৰুপেটীয়াৰ নিকটৱৰ্তী বিহুদিয়া গাঁৱতো পৰহি একেধৰণৰ বিৰল প্ৰজাতিৰ ফেঁচা উদ্ধাৰ কৰিছিল ৰাইজে|