গুৱাহাটীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সফল সমাপ্তিৰ পাছত অহা ২৩ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।
তাৰ বাবে ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে জোৰদাৰ প্ৰচাৰ অভিযান। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰো ৪ টা সমষ্টিতো হ’ব এই তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন।
তাৰ ভিতৰত আছে গুৰুত্বপূৰ্ণ হিচাবে চিহ্নিত হোৱা ৭ নং গুৱাহাটীৰ লোকসভাৰ সমষ্টি। উল্লেখ যে এইবাৰ গুৱাহাটীৰ লোকসভাৰ সমষ্টিত ভোটদান কৰিব এগৰাকী শতবর্ষ গৰকাৰ বৃদ্ধাইয়ো। পূব গুৱাহাটীৰ বিধানসভাৰ সমষ্টিৰ বৃদ্ধাগৰাকীৰ নাম পৰি বেগম।
উলুবাৰীৰ নিবাসী পৰি বেগম নামৰ বৃদ্ধা গৰাকীয়ে ১১০ নং পূব গুৱাহাটীৰ উলুবাৰী মুক্তাৱ প্ৰাথমিক বিদ্যালয়ত অহা ২৩ এপ্ৰিলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। তেওঁ জানিবলৈ দিয়ে যে তেওঁ কোনো দিনেই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰপৰা আঁতৰত থকা নাই।
তেওঁ কয়, ভোটদান আমাৰ অধিকাৰ, সেইবাবে এইবাৰো মাজু সন্তান ছামছুদ্দিন আহমেদ আৰু বোৱাৰী বুলেনা আহমেদৰ লগত গৈ ভোটদান কৰিব। উল্লেখ যে, শতবর্ষ গৰকাৰ বৃদ্ধাগৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ সত্যবাদীতাক সদায় তেওঁ বিশ্বাস কৰে। লগতে গুৱাহাটীবাসী ৰাইজক আহ্বান জনায় কয়, সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি, অন্যায়-অনীতিৰ বিৰুদ্ধে ভোট প্ৰদান কৰি এখন সুস্থ-সবল গণতান্ত্ৰিক ভাৰত গঢ় দিয়াত গুৰুত্ব দিব লাগে।
উল্লেখ যে শতবর্ষ অতিক্ৰম কৰাৰ বৃদ্ধাগৰাকীয়ে বৰ্তমান সময়ত স্মিতি শক্তি কিছুপৰিমাণে হেৰুৱাইছে যদিও তেওঁ দিব পাৰে নিজৰ পৰিচয়। তেওঁ দিয়া পৰিচয় অনুসৰি পুৰণি উলুবাৰীৰ গাঁৱৰ ভৰদুল গাওঁবুঢ়া তেওঁ নাতিনীয়েক। ইয়াৰ উপৰিও তেওঁ স্বামী জালালুদ্দিন আহমেদ আজিৰপৰা ৩৭ বছৰৰ পূৰ্বে মৃত্যু হোৱা বুলি উল্লেখ কৰে।
ছয় পুত্ৰ আৰু এগৰাকী কন্যাৰ মাতৃ পৰি বেগমৰ ডাঙৰ পুত্ৰ আৰু কন্যাৰ ইতিমধ্যে মৃত্যু হৈছে।
আনহাতে বোৱাৰী বুলেনা বেগমে জানিবলৈ দিয়া অনুসৰি প্ৰতিবাৰে লোকসভাৰ, বিধাসভাৰ তথা পৌৰনিগমৰ প্ৰতিটো নিৰ্বাচনতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে পৰি বেগমে।