মোৰাঝাৰঃ নগাঁও-হোজাই জিলাৰ সীমান্তৱৰ্তী মদাৰতলী আৰু ভেলৌগুৰীত চলিছে অবৈধ শিলৰ চিণ্ডিকেট৷
এই প্ৰতিবেদকৰ ক্ষেত্ৰভিত্তিত অনুসন্ধান মতে নগাঁও বন সংমণ্ডৰ ভেলৌগুৰীৰ বিপিন শিলৰ কোৱেৰী নামেৰে এটা আৰু দক্ষিণ নগাঁও তথা হোজাই বনসংমণ্ডলৰ লংকাইজুৰিত তিনিটাকৈ ক্ৰমে অলিউৰ লস্কৰ শিল কুৱেৰী, ফাৰহান শিল কুৱেৰী আৰু জয় আই শিল কুৱেৰী নামেৰে চৰকাৰীভাৱে আৱন্টিত শিলৰ কুৱেৰী আছে৷
তাৰে দুটা কুৱেৰী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেনৰ ঘনিষ্ট প্ৰভাৱশী কংগ্ৰেছী নেতা ৰেহান উদ্দিনৰ ভাতৃ ফাৰহান আৰু হবিবুৰ ৰহমান ওৰফে ফাৰুকৰ ভাতৃ অলিউৰ লস্কৰৰ নামতে আবন্টিত৷ এই চাৰিটা শিলৰ কুৱেৰীৰপৰা দৈনিক অতি কমেও গাইপতি এশকৈ চাৰিশখন দহচকীয়া ডাম্পাৰ আৰু প্ৰায় দুশৰো অধিক ছয়চকীয়া ট্ৰাকেৰে বল্ডাৰ আৰু ৰাবিশ তথা ছেণ্ডগ্ৰেভেল বিভিন্ন অঞ্চললৈ সৰবৰাহ কৰা হয়৷
নিয়ম মতে নিবিদাৰ জৰিয়তে আবন্টন পোৱা এই কুৱেৰীসমূহে প্ৰতিখন ট্ৰাক তথা ডাম্পাৰৰ নামত চালান জাৰি কৰিব লাগে৷ এনেদৰে জাৰি কৰা চালানৰ বাবদ চৰকাৰে প্ৰতিদিনে এট মুটা অংকৰ ধন ৰাজহ হিচাপে লাভ কৰিবলৈ সক্ষম হ’লহেঁতেন৷
এই উদ্দেশ্যৰেই শিলৰ কুৱেৰীসমূহ আবন্টন কৰা হৈছিল৷ কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে মদাৰতলি আৰু ভেলৌগুৰীত থকা চাৰিওটা কুৱেৰীৰ এটায়েও পৰ্যাপ্ত পৰিমাণৰ চালান জাৰি নকৰে৷ প্ৰতিদিনে ৫০০ খন ট্ৰাক আৰু ডাম্পাৰে বল্ডাৰ কঢ়িয়াই নিয়ে যদিও চালান জাৰি হয় মাত্ৰ দহৰপৰা বাৰখনৰ৷ যাৰ ফলত চৰকাৰে বাকী থকা চাৰিশখন বাহনৰ বিপৰীতে পাবলগীয়া ৰাজহ লাভৰপৰা বঞ্চিত হয়৷
বন বিভাগৰ সূত্ৰ মতে প্ৰতিখন (দহ ঘনমিটাৰ পৰিমাণৰ) চালানৰ বাবত প্ৰতিখন ট্ৰাকে চাৰি হেজাৰ টকাকৈ আদায় দিয়ে৷ এনেদৰে যদি ৫০০ খন ট্ৰাকে এবাৰতে ৪০০০ টকাকৈ আদায় দিয়ে তেন্তে এদিনতে সংগ্ৰহ হয় (৫০০×৪০০০=২০০০০০০) প্ৰায় বিশ লাখ টকা৷ যদিহে এই চাৰি হাজাৰৰপৰা আধা অংশ অৰ্থাৎ দুই হেজাৰকৈ টকা চৰকাৰৰ ৰাজহ হিচাপে জমা হ’লহেঁতেন তেন্তে এদিনৰ চৰকাৰৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ হ’বগৈ প্ৰায় দহ লাখৰো অধিক৷
কিন্তু দুৰ্ভাগ্যজনকভাৱে একাংশ শিলৰ ব্যৱসায়ী, শিল ভঙা মিল(Stone Crusher Mill) আৰু কুৱেৰীৰ মালিকে মিলি প্ৰতিখন ট্ৰাকতে চালান জাৰি নকৰাকৈ ট্ৰাকে প্ৰতি চাৰিহেজাৰ টকাকৈ ৰাহি কৰে৷
এনেদৰে এদিনৰ ৰাহি ধন প্ৰায় বিশ লাখ টকা এই চিণ্ডিকেটৰ অংশীদাৰসকলে ভাগ-বাটোৱাৰা কৰে৷ এই সমগ্ৰ প্ৰক্ৰিয়াত স্থানীয় দুয়োজন উপ-বন সংমণ্ডল বিষয়া তথা বিট অফিচাৰ প্ৰত্যক্ষভাৱে জড়িত থকাৰ সন্দেহ কৰা হৈছে৷ কাৰণ নগাঁও বন সংমণ্ডলৰ উপ-বন পালক ৰাজেন শইকীয়াৰ অধীনৰ বিপিন কুৱেৰী আৰু দক্ষিণ নগাঁও বন সংমণ্ডলৰ উপ-বন সংমণ্ডল বিষয়া ৰাহুল বৰাৰ অধীনৰ তিনিটা ক্ৰমে অলিউৰ শিলকুৱেৰী, ফাৰহান শিল কুৱেৰী আৰু জয় আই শিল কুৱেৰী আছে৷
এই সমূহ কুৱেৰীৰ প্ৰৱেশদ্বাৰতে প্ৰতিদিনেই দুজনকৈ বনকৰ্মী বিৰামহীনভাৱে উপস্থিত থাকে৷ এনেদৰে বনকৰ্মীৰ তালাচীৰ মাজেৰে চালান বিহীন ট্ৰাক পাৰ হৈ যোৱা কাৰ্যটোৱে বন কৰ্মী বা বন বিষয়াসকল জড়িত থকাটোকে প্ৰমাণ কৰে৷
এক নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি এনেদৰে চালানবিহীন ট্ৰাক পাৰ কৰাই দিয়াৰ বাবত ট্ৰাকে প্ৰতি পাঁচশ টকাকৈ বন বিভাগক উপঢৌকন হিচাপে আদায় দিব লাগে৷ ফলত এই বন কৰ্মীসকলে চালান জাৰি কৰা বা চালান পৰীক্ষা কৰাৰ সলনি গাড়ী সংখ্যা গণনা কৰি টকা সংগ্ৰহ কৰাতহে ব্যস্থ থাকে৷
ইফালে এই বিষয়ে হোজাইৰ বনসংমণ্ডল প্ৰাধিকাৰী বিষয়া পুলক চৌধুৰী আৰু নগাঁও বন সংমণ্ডল প্ৰাধিকাৰী ৰাজেন চৌধুৰীক এটা জাতীয় সংগঠনৰ নেতৃত্বই চলিত মাহৰ প্ৰথম সপ্তাহত অভিযোগ দাখিল কৰাত দুয়ো গৰাকী বন প্ৰাধিকাৰীয়ে স্থানীয় বনবিষয়াসকলক ছিণ্ডিকেটৰাজ বন্ধ কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিয়ে৷
যাৰ ফলত দুদিনমান প্ৰতিখন ট্ৰাকতে চালান জাৰি কৰিবলৈ বাধ্য হয়৷ কিন্তু মাত্ৰ দুটা দিনৰ পাছতেই ছিণ্ডিকেট চক্ৰটোৱে পুনৰ আৰম্ভ কৰে জালিয়াতি৷ এতিয়া যদিও পূৱাৰ ভাগত এখনকৈ চালান জাৰি কৰা হয় কিন্তু বাকী সম্পূৰ্ণ দিনটোৱেই একেখন চালানেৰে গাড়ীসমূহ চলাচল কৰে৷
নিয়ম মতে এখন ট্ৰাকে যিমানবাৰ বস্তু সৰবৰাহ কৰিব প্ৰতিবাৰেই এখনকৈ নতুন চালান ক্ৰয় কৰিব লাগে৷ কিন্তু বাস্তৱত তেনে নহয়৷ চালানসমূহত কুৱেৰীৰ মালিক আৰু বন বিভাগৰ উমৈহতীয়া স্বাক্ষৰ থাকিব লাগে৷
এবাৰ এখন চালান জাৰি কৰাৰ পাছত চালানসমূহ ব্যৱহাৰ কৰা বাহনে দ্বিতীয়বাৰ যাতে এই চালান ব্যৱহাৰ কৰিব নোৱাৰে তাৰো ব্যৱস্থা কৰিব লাগে৷ যদিও উভয় পক্ষৰ স্বাক্ষৰ সন্নিবিষ্ট থাকে তথাপিও কিন্তু চালানসমূহ যাতে দ্বিতীয়বাৰ ব্যৱহাৰ নহয় তাৰ কোনো ব্যৱস্থা নকৰি এক সুন্দৰ সুৰুঙা এৰি দিয়া হয়৷ যাতে একেখন চালানেৰে সম্পূৰ্ণ দিনটোকেই ট্ৰিপ মাৰিব পাৰে বা মাল সৰবৰাহ কৰিব পাৰে৷
এনেদৰে প্ৰতিদিনে কমেও ন লাখৰপৰা দহ লাখ টকা পৰ্যন্ত চৰকাৰৰ ৰাজহ লোকচান কৰি এই টকা ছিণ্ডিকেট চক্ৰটোৱে ভাগ-বাটোৱাৰা কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে৷ এইসমূহ প্ৰত্যক্ষ কৰাৰ পাছত শনিবাৰে পুনৰাই এটা জাতীয়তাবাদী প্ৰকৃতিপ্ৰেমী সংগঠনে দুয়োগৰাকী বন প্ৰাধিকাৰীক সম্পূৰ্ণ কথাটো অৱগত কৰে৷
এতিয়া দুয়োগৰাকী বন প্ৰাধিকাৰীয়ে ছিণ্ডিকেট চক্ৰটোৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷