♦ এচাম ৰাজনৈতিক নেতাৰ সাম্প্ৰদায়িক কূট-কৌশলৰ বিপৰীতে বিশ্বনাথত একত্ৰিত হ’ল ১০ টাকৈ জাতীয়-জনগোষ্ঠীয় ছাত্ৰ সংগঠন
আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ যি সময়ত একাংশ ৰাজনৈতিক নেতাই নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ যোৱা ৭ এপ্ৰিল তাৰিখে বিশ্বনাথ চাৰিআলি সাপ্তাহিক বজাৰত একাংশ দুষ্কৃতিকাৰীয়ে চৌকত আলিৰ লগত সংঘটিত কৰা অমানৱীয়, বৰ্বৰ ঘটনাক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ উঠি-পৰি লাগিছিল, ঠিক তেনে সময়তে সাম্প্ৰদায়িক শক্তিক মষিমূৰ কৰাৰ স্বাৰ্থত বিশ্বনাথত একত্ৰিত হ’ল ১০ টাকৈ জাতীয়-জনগোষ্ঠীয় ছাত্ৰ সংগঠন।
চৌকত আলিৰ এই বৰ্বৰ ঘটনাক লৈ ৰাজনীতি কৰাসকলক কঠোৰ সকীয়নি প্ৰদান কৰিছে বিশ্বনাথৰ ছাত্ৰ সংগঠনসমূহে। এই ঘটনাক বিভিন্ন দল-সংগঠনে একত্ৰিতভাৱে তীব্ৰ ভাষাৰে গৰিহণা জনাই মঙলবাৰে বিশ্বনাথৰ ১০ টাকৈ ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰে ভুক্তভোগী চৌকত আলিক।
চৌকত আলিৰ দক্ষিণ চতিয়াৰ নিজা বাসগৃহত উপস্থিত হৈ এই বৰ্বৰ ঘটনাই বিশ্বনাথবাসীক লজ্জাজনত কৰাৰ লগতে সাতামপুৰুষীয়া ঐক্যত আঘাত হানিছে বুলি মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকীয়ে।
লগতে তেওঁ কয় যে চৌকত আলিৰ উচিত ন্যায়ৰ লগতে নিৰপেক্ষ তদন্তৰ জৰিয়তে দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ স্বাৰ্থত আমছু, আছু, যুৱ ছাত্ৰ পৰিষদ, আটছা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, আছা, টাইপা, আগছু, বড়ো ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থাৰ এক সজাতি দলে বিশ্বনাথ জিলা উপায়ুক্ত আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এক দাবী সম্বলিত স্মাৰক-পত্ৰ ইতিমধ্যে প্ৰদান কৰা হৈছে।
এই সংগঠনকেইটাই বিশ্বনাথত সংঘটিত অমানৱীয় কাণ্ডৰ লগত জড়িত প্ৰত্যেকজন অভিযুক্তক অতিশীঘ্ৰে কৰায়ত্ব কৰি জে’ল হাজোতত ৰাখি ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে বুলিও মন্তব্য কৰে।
উক্ত ঘটনাটোৰ আঁৰত জড়িত মূল ষড়যন্ত্ৰকাৰীসকলক আৰক্ষীয়ে চিনাক্ত কৰি আইনমতে শাস্তি দিয়াৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মৰত এজন ন্যায়ধীশৰদ্বাৰা নিৰপেক্ষ ন্যায়িক তদন্ত ঘোষণা কৰিবলৈও দাবী জনোৱা হৈছে বুলি কয় সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দিব্যজ্যোতি বৰুৱাই।
লগতে তেওঁ কয় যে ভুক্তভোগী ব্যৱসায়ী চৌকত আলীক অমানৱীয়ভাৱে অত্যাচাৰ কৰাৰ ফলত তেওঁৰ ব্যৱসায় বন্ধ হৈ পৰাৰ বাবে পৰিয়ালক পোহপাল আৰু তেওঁৰ উন্নত চিকিৎসাৰ বাবে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ দাবী জনাইছে বুলিও চৌকত আলিৰ পৰিয়ালবৰ্গক অৱগত কৰে।
অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হোৱা এনে অমানৱীয় আৰু বৰ্বৰতাৰ চৰম নিদৰ্শনেৰে আঘাত কৰা কাণ্ড যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰ তথা আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনোৱা হৈছে।
আনহাতে উক্ত ঘটনাৰ আলম লৈ যাতে কোনো অপশক্তিয়ে সাম্প্ৰদায়িক বিবাদ সৃষ্টি কৰি হিন্দু-মুছলমান তথা ভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত বিদ্বেষ জাগ্ৰত কৰি কোনেও যাতে নিজ মুনাফা আদায় কৰিব নোৱাৰে তাৰ প্ৰতি প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে তেনে অপশক্তিক কঠোৰ হাতেৰে দমন কৰিবলৈ সংগঠনসমূহে দাবী জনাইছে।
জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰি ৰাইজক আইনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰিবলৈ আহ্বান জনায় আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি ছাইফুদ্দিন আহমেদে।
আজিৰ এই শান্তি-সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তাত সহযোগ কৰে আমছুৰ সহকাৰী সম্পাদক কুদ্দুছ আলি সৰকাৰ, প্ৰচাৰ সম্পাদক আলি আহমেদ, গোৰ্খা ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি দিলীপ গজুৰেল, আটছাৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ধীৰাজ তাঁতী, বিশ্বনাথ জিলা টাইপাৰ সভাপতি ৰাজীৱ গগৈ, সম্পাদক হেমন্ত গগৈ, যুৱ ছাত্ৰ পৰিষদৰ নিহাৰ শইকীয়া, বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা, আমছুৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি মাহমুদুল হাছান, সাধাৰণ সম্পাদক ফকীৰ আলি, বিশ্বনাথ জিলা যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক অমৰজ্যোতি বৰা, সাংবাদিক আব্দুল বাৰেক, কাৰ্বি ছাত্ৰ সন্থাৰ মঙল তেৰাং, আছুৰ কৌস্তভ দাধৰা, ৰূপম বৰা, মিস্ত্ৰী সন্থাৰ সাহজাহানকে ধৰি বহু কেইগৰাকী নেতৃত্ববৃন্দ উপস্থিত থাকে।
ইফালে ভুক্তভোগী চৌকত আলিৰ পৰিয়ালে বিশ্বনাথৰ সকলো দল-সংগঠনৰ প্ৰতিনিধিক কাষত পাই আনন্দিত হৈছে। চৌকত আলিৰ বাসগৃহৰপৰাই শান্তি-সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা সমগ্ৰ ৰাজ্যতে বিয়পি পৰক তাৰেই কামনা কৰিছে বিশ্বনাথৰ দল-সংগঠনৰ প্ৰতিনিধিসকলে।