বৰপেটাঃ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত বুধবাৰে মৰণোত্তৰভাৱে দেহ দান কৰা হয়৷ বৰপেটা জিলাৰ পাঠশালাৰ বিশিষ্ট মহিলা লক্ষী দেৱীয়ে ২০১৭ বৰ্ষৰ ১৭ এপ্ৰিলত এক ইচ্ছা পত্ৰৰ জৰিয়তে নিজৰ দেহটো চিকিৎসা মহাবিদ্যালয়ত দান কৰিছিল৷
চিপিআই(এম)ৰ আদৰ্শৰে লক্ষী দেৱীয়ে মৃত্যুৰ আগমুহুৰ্তলৈকে অঞ্চলটোত অন্ধ বিশ্বাস, কু-সংস্কাৰৰ বিৰুদ্ধে কাম-কাজ কৰি আহিছিল৷ সৰবৰহী মহিলাগৰাকীৰ ইচ্ছা অনুসৰি পৰিয়ালৰ লোকে আজি লক্ষী দেৱীৰ মৃতদেহটো বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত দান কৰে৷
মৃতদেহ দান কৰাৰ সময়ত লক্ষী দেৱীৰ জ্যেষ্ঠ পুত্ৰ-বোৱাৰীৰ লগতে দুগৰাকী কন্যা, আত্মীয়-স্বজন আৰু চিপিআই(এম)ৰ নেতা আজিজুৰ ৰহমান আৰু চান মামুদ উপস্থিত থাকে৷
মৃতদেহ গ্ৰহণ কৰি চিকিৎসা মহাবিদ্যালয়খনৰ এনাট'মী বিভাগৰ মুৰব্বী অধ্যাপক ডা: জয়শ্ৰী দেৱীয়ে কয় যে চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ বাবে দেহ দান অতিকৈ জৰুৰী৷ লক্ষী দেৱীয়ে যিদৰে দেহ দান কৰিলে তাৰ প্ৰতি অনুপ্ৰাণিত হৈ অইন ব্যক্তিয়েও দেন দান কৰিব বুলি ডা: জয়শ্ৰী দেৱীয়ে আশা ব্যক্ত কৰে৷
লক্ষ্মী দেৱীৰ চিকিৎসা বিজ্ঞান জগতলৈ আগবঢ়োৱা অৱদানক ধৰ্মীয় অন্ধবিশ্বাস আৰু কুসংস্কাৰক প্ৰত্যাহ্বান জনোৱা বুলি অভিহিত কৰি টিম হিউমেনিটি আৰু মুক্ত চিন্তা, বৰপেটাৰ সক্ৰিয় সদস্য চুলতান চালেহ আহমেদে তেওঁৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰে।