♦ বিদ্যুৎ বিভাগৰ দায়িত্বজ্ঞানহীন কাণ্ড, ভয়াবহ বিপদৰ আশংকা গঞাৰ

জয়ন্ত মুদৈ, নগাঁওঃ ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলত বিদ্যুৎ সেৱা সুচল কৰি তোলা বুলি সময়ে সময়ে ঢাক-ঢোল বজাই আহিলেও বিদ্যুৎ বিভাগৰ কেতবোৰ দায়িত্বজ্ঞানহীন কৰ্ম-কাণ্ডই চৰকাৰৰ তেনে ঘোষণাক প্ৰায়েই প্ৰহসনতহে পৰিণত কৰা দেখা যায়৷

ইয়াৰ উদাহৰণ হিচাপে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ গ্ৰামাঞ্চলবোৰৰ কথাকে ক’ব পাৰি৷ কিয়নো জিলাখনৰ পশ্চিম প্ৰান্তৰ গ্ৰামাঞ্চলবোৰৰ ঠায়ে ঠায়ে বিদ্যুৎ বিভাগে বাঁহৰ খুঁটাৰ ওপৰেদি বিদ্যুৎ তাঁৰ টানি বিপজ্জনকভাৱে ৰাইজক বিজুলী যোগান ধৰি অহাৰ লগতে ঠায়ে ঠায়ে শক্তিশালী টেন্সফৰ্মাৰ ভয়াৱহভাৱে উন্মুক্ত অৱস্থাত থকা দৃশ্যই বিভাগটোৰ দায়িত্বজ্ঞানহীনতাকেই উন্মোচিত কৰিছে৷

আনকি বহু জনবহুল এলেকাত আকৌ মাটিৰপৰা খুব কম উচ্চতাতে বিদ্যুৎ পৰিবাহী তাঁৰবোৰ উলমি থকা কাৰ্যই যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা পুৰামাত্ৰাই বৃদ্ধি পাইছে৷

উল্লেখ্য, নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ এক বৃহৎ এলেকা জুৰি গঞা ৰাইজক ধিং বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয়ৰদ্বাৰা বিদ্যুৎ যোগান ধৰি অহা হৈছে৷ কিন্তু কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীয়ে চৰম মইমতালিৰে দীৰ্ঘদিন ধৰি দক্ষিণ ছালনাবড়িত পকী খুঁটাৰ পৰিৱৰ্তে বাঁহৰ খুঁটা ব্যৱহাৰ কৰি অতিকে বিপদসংকুলভাৱে বৃহত্তৰ এলেকাটোত বিদ্যুত যোগান ধৰি আহিছে।

যাৰ ফলত যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকাত ভুগিছে গঞা ৰাইজ। আনকি ৮১৫ নতুন ছালনাবড়ি এলপি স্কুলৰ সমীপতে বিদ্যুত বিভাগে বিদ্যুত যোগান ধৰাৰ বাবে বাঁহৰ খুঁটা ব্যৱহাৰ কৰাৰ বিপৰীতে ইয়াৰ কিছু নিলগতে এটা শক্তিশালী টেন্সফৰ্মাৰ বছৰ বছৰ ধৰি উন্মুক্ত অৱস্থাত থকাত বিদ্যালয়লৈ অহা-যোৱা কৰা কণ কণ ছাত্ৰ-ছাত্ৰীৰ বাবে ই ভয়াৱহ হিচাপে চিহ্নিত হৈছে৷ 

অৱশ্যে, উক্ত অঞ্চলটোৰ ঠায়ে ঠায়ে বিদ্যুৎ বিভাগে বিদ্যুৎ সৰবৰাহৰ বাবে পকী খুঁটা ব্যৱহাৰ কৰিছে যদিও সেইবোৰ বৰ্তমান জহি-খহি যোৱাৰ উপক্ৰম ঘটিছে৷ কাজেই, বিদ্যুৎ বিভাগৰ একে পালমৰা কাৰ্যত আতংকৰ মাজেৰে দিন কটোৱা স্থানীয় অঞ্চলবাসী ৰাইজে বিদ্যুৎ বিভাগক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো বাঁহৰ খুঁটাৰ পৰিৱৰ্তে পকী খুঁটা আৰু ব্যৱহাৰৰ অনুপযোগী হৈ পৰা পকী খুঁটাবোৰ সলনি নোহোৱাৰ লগতে উন্মুক্ত হৈ থকা ট্ৰেন্সফৰ্মাৰটোত বেৰা নিদিলে বিদ্যুৎ বিভাগে৷

যাক লৈ এতিয়া বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ ওপৰত ক্ষুভিত হৈ পৰিছে অঞ্চলবাসী গঞা৷ ইফালে, ৰাইদঙীয়াৰ কৰচুং, শ্যামকলীয়া, আইভেটী, নসত্ৰ, ভোগবাৰী, ফুলগুৰি আদি অঞ্চলৰ মাজেৰে যোৱা বিদ্যুৎ পৰিবাহী তাঁৰবোৰ ঠায়ে ঠায়ে মাটিৰপৰা খুব কম উচ্চতাতে উলমি থকাত অতিকে বিপজ্জনক হৈ পৰিছে৷

আনকি কৰচুং আৰু সোণাইপাৰৰ মাজৰ অংশটোৰ ডিমৌ-ৰাইদঙীয়া সংযোগী গড়কাপ্তানী পথৰ দাঁতি আৰু কৰচুঙৰ পথাৰৰ মাজেৰে পাৰ হৈ যোৱা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰবোৰ একেবাৰে হাতেৰে চুব পৰা অৱস্থাতে আছে যদিও এইবোৰ মেৰামতি কৰাৰ প্ৰয়োজনবোধ কৰা নাই বিয়াগোম বিভাগটোৱে৷

সেয়ে, ভয়াৱহ বিপদ ঘটাৰ পূৰ্বেই ৰাইজে এইবোৰ বিপদমুক্ত কৰি তুলিবৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক পুনৰাই দাবী জনাইছে৷