নতুন দিল্লীঃ উচ্চতম ন্যায়ালয়ত পুনৰ ক্ষমা খুজিলে ৰাজ্যৰ মুখ্য সচিব আলোক বাৰ্মাই। এইবাৰ ৰাজ্যৰ ডিটেনচন কেম্পসমূহৰ আবদ্ধ হৈ থকা বিদেশীৰ প্ৰতি দৰদ ওপজাত উচ্চতম ন্যায়ালয়ত ক্ষমা খুজিব লগা হ’ল মুখ্য সচিবজনে।
উল্লেখ যে মানৱ অধিকাৰ কর্মী হৰষ মাণ্ডেৰে অসম ডিটেনচন কেম্পসমূহত আবাসীক সকলৰ মানৱ অধিকাৰ সুৰক্ষিত নহয় বুলি কিছুদিনৰ পূৰ্বে উচ্চতম আদালতখনৰ কাষ চাপিছিল। মানৱ অধিকাৰ কর্মীজনৰ উক্ত আবেদনৰ শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধী ৰঞ্জন গগৈৰ নেতৃত্বত গঠন কৰা হৈছে তিনিজনীয়া বিচাৰপীঠ।
বৃহস্পতিবাৰে বিচাৰপীঠে আবেদনখনৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰে। উল্লেখ যে অসম চৰকাৰৰ হৈ মুখ্য সচিবগৰাকীয়ে উক্ত আবেদনৰ সন্দৰ্ভত ন্যায়ালয়ক ডিটেনচন চেণ্টাৰসমূহত থকা আবাসীকসকলক চৰ্ত সাপেক্ষে মুকলি কৰি দিব লাগে বুলি অনুৰোধ জনাইছিল। তাতে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ খৰ্গহস্ত হৈ পৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। তেওঁ কয়, "যি ব্যক্তিয়ে দেশত অবৈধভাৱে প্রৱেশ কৰিছে তেনে ব্যক্তিক কিহৰ ভিত্তিত দেশত থকা অনুমতি দিব পৰা যায়। অসম চৰকাৰে এনে কথা কৈ দেশৰ সংবিধান অৱমাননা কৰিছে"।
লগতে মুখ্য সচিব গৰাকীয়ে তেনে মন্তব্য আদালতত কৰাৰ বাবে তেওঁক উদ্দেশ্য কৰি ন্যায়াধীশ গগৈয়ে কয় যে "মুখ্য সচিব হিচাপে আপুনি এই পদবীত থকা অধিকাৰ নাই। কাৰণ আপুনি আদালতৰ সন্মুখত অসাংবিধানিক আৰু আইন বৰ্হিভূত কথা কৈছে।" লগে লগে আলোক কুমাৰে ক্ষমা খোজে আদালতত।