নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ আলিটাঙনী নিবাসী বিশিষ্ট শিক্ষাবিদ, সমাজ সংগঠক, প্ৰাক্তন আমছু নেতা তথা ২৬৫ নং আলিটাঙনী মোক্তাৱ বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুছ ছালাম ফৰাজীৰ হৃদ ৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে পুৱা প্ৰায় ৬ বজাত দিছপুৰ হস্পিতালত দেহাৱসান ঘটে৷

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৭ বছৰ। সৰবৰহী, মৃদুভাষী তথা ব্যক্তিত্বৰ অধিকাৰী আব্দুছ ছালাম ফৰাজী জীৱিত কালত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ থকাৰ উপৰিও এসময়ত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ লগত জড়িত থাকি নিষ্ঠাসহকাৰে ৰাইজৰ সেৱা আগবঢ়াইছিল।

সংখ্যালঘু বসতিপ্ৰধান গ্ৰামাঞ্চল তথা নগাঁও জিলাৰ ভিতৰত উচ্চ শিক্ষিত ঠাই হিচাপে জনাজাত  আলিটাঙনীত জন্ম গ্ৰহণ কৰি শিক্ষাবিদ আব্দুছ ছালাম ফৰাজীয়ে বিভিন্ন সময়ত অঞ্চলটোৰ দুখীয়া মানুহৰ হৈ মাত মাতি আহিছিল।

আজি বিয়লি ৫ বজাত আলিটাঙনী আঞ্চলিক কবৰস্থানত সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতত তেওঁৰ জানাজা নামাজ সম্পন্ন কৰা হয়। তেওঁৰ অকাল মৃত্যুত ২৬৫ নং আলিটাঙনী মোক্তাৱ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,  শিক্ষক গোট, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰ, আমছুৰ নগাঁও জিলা সমিতি, আলিটাঙনী আঞ্চলিক সমিতিৰ বিষয়ববীয়া, বটদ্ৰৱা প্ৰেছ ক্লাব, জাজৰি প্ৰেছ ক্লাবৰ লগতে বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে। 

মৃত্যুৰ সময়ত শিক্ষাবিদ আব্দুছ ছালাম ফৰাজীয়ে পত্নী, দুজন পুত্ৰৰ লগতে বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

তেওঁৰ মৃত্যুত বৃহত্তৰ আলিটাঙনী অঞ্চলত শোকৰ ছাঁ পৰিছে৷