চামগুৰিঃ পুৰণিগুদাম পাৰঘাটত আজি বিয়লি "জাতীয় আত্মনিয়ন্ত্ৰণ আৰু কিমান সুৰক্ষিত আমাৰ অধিকাৰ"শীৰ্ষক এক মনোজ্ঞ আলোচনাচক্ৰ আৰু বঁটা বিতৰণী সভাত জাতীয় সচেতন মঞ্চই প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা অনুসন্ধানমূলক জাতীয় বঁটা প্ৰবীণ সাহিত্যিক-সাংবাদিক মোলান লস্কৰক প্ৰদান কৰা হয়৷

ডিমাচা পাহাৰৰ প্ৰখ্যাত স্বাধীনতা যুঁজাৰু জয়া থাউচেনৰ জীৱন পৰিক্ৰমা ভিত্তিক উপন্যাস "জাৰাজী ৰণ কুঁৱলীত জয়া" নামৰ গৱেষণামূলক গ্ৰন্থখনৰ বাবে লস্কৰক ২০১৭-১৮বৰ্ষৰ এই  অনুসন্ধানমূলক জাতীয় বঁটা প্ৰদান কৰা হয়৷ এই অনুষ্ঠানতে জাতীয় সচেতন মঞ্চই আয়োজন কৰা সদৌ অসম ভিত্তিক প্ৰৱন্ধ প্ৰতিযোগিতাৰ স্হানপ্ৰাপ্ত সকলক পুৰস্কাৰ প্ৰদান কৰা হয়৷

যুটীয়াভাবে প্ৰথম স্হানপ্ৰাপ্ত গুৱাহাটীৰ গোপেশ মজুমদাৰ,পুৰণিগুদামৰ ডা: নৰেন্দ্ৰ নাথ ডেকা, যুটীয়াভাৱে দ্বিতীয় স্হানপ্ৰাপ্ত দেৰগাঁৱৰ উৎপলা দ্ত্ত, গুৱাহাটীৰ ৰঞ্জনা তালুকদাৰ আৰু তৃতীয় স্হান প্ৰাপ্ত নলবাৰীৰ নগেন তালুকদাৰৰ লগতে বিশ্বনাথ চাৰিআলিৰ জয়া মালাকাৰ, নগাঁৱৰ ৰুমু বেগমক উদ্গনিমূলক বঁটাত নগদ ধন,মানপত্ৰ, কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হয়৷

জাতীয় সচেতন মঞ্চৰ সহ:সম্পাদক জয়ন্ত বৰাই শলাগৰ শৰাই আগবঢ়োৱা সভাখনত মঞ্চৰ সভানেত্ৰী মাধন ভূঞা, মণিকূট কৃষ্টি বিকাশ কেন্দ্ৰ অাৰু শংকৰী বিদ্যালয়ৰ সভাপতি জ্যোতিৰ্ময় বৰকাকতি, শিক্ষক ৰঞ্জিত গায়ন প্ৰমুখ্যে কে’বাজনো বিশিষ্ট ব্যক্তি,স্হানীয় ৰাইজ উপস্হিত থাকে৷ আলোচনা চক্ৰখনি সঞ্চালনা কৰে মঞ্চৰ উপ-সভানেত্ৰী সৰুমাই গায়ন চমুৱাই৷

জাতীয় সচেতন মঞ্চৰ সম্পাদক জয়ন্ত কুমাৰ ভূঞাই আঁত ধৰা আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্হিত থাকি ৰাষ্ট্ৰসংঘৰ সামাজিক প্ৰতিনিধি পংকজজ্যোতি হাজৰিকা আৰু সাহিত্যিক মোলান লস্কৰে ভাষন প্ৰদান কৰে৷