ছাদিকুজ জামান, মোৰাঝাৰঃ অপৰাধীৰ ৰাম্যভূমিত পৰিণত হৈছে হোজাই জিলাৰ মোৰাঝাৰৰ চামৰআলি অঞ্চল। এটাৰ পাছত আনটো জঘন্য হত্যাকাণ্ডই জোকাৰি যোৱা চামৰআলিত পুনৰ এগৰাকী তিনি সন্তানৰ মাতৃক স্বামী পৰিয়ালে বিষ পান কৰোৱাৰ দৰে ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
এই ভয়ংকৰ অভিযোগ উঠিছে পূব চামৰআলি গাঁৱৰ হিলাল উদ্দিনৰ পৰিয়ালৰ বিৰুদ্ধে। কিছুদিন পূৰ্বে আঠ বছৰীয়া এটি কিশোৰ হত্যাৰ ঘটনাই জোকাৰিছিল সমগ্ৰ অঞ্চল। ইয়াৰ পূৰ্বেও দুজন ব্যক্তিক জীৱিত অৱস্থাত গাত জ্বই লগাই হত্যা কৰিছিল দুষ্ট চক্ৰই।
এটাৰ পাছত আনটো জঘন্য ঘটনা সংঘটিত হোৱা চামৰআলি অঞ্চলত এইবাৰ পোহৰলৈ আহিল আন এক ভয়ংকৰ নাৰী নিৰ্যাতনৰ ঘটনা। উল্লেখযোগ্য যে মোৰাঝাৰৰ বান্দৰমেলা গাঁৱৰ মইন উদ্দিনৰ কন্যা মাৰ্জিয়া বেগমৰ প্ৰায় ৯ বছৰ পূৰ্বে বিবাহ হৈছিল পূব চামৰালি গাঁৱৰ বখই মিঞাৰ পুত্ৰ হিলাল উদ্দিনৰ লগত।
বিবাহৰ কিছুদিন পাছৰেপৰা মাৰ্জিয়াৰ স্বামী পৰিয়ালে মাৰ্জিয়াক চলাই আহিছিল অত্যাচাৰ। কিন্তু মাৰ্জিয়াই তিনিটা সন্তানৰ মৰম চেনেহত স্বামী পৰিয়ালে চলোৱা অত্যাচাৰ সহ্য কৰিও জীৱন অতিবাহিত কৰি আহিছিল।
যোৱা ২৪ এপ্ৰিলত বোৱাৰীগৰাকীৰ স্বামী মেঘালয়ৰপৰা ঘৰত আহি পৰিয়ালৰ লোকক লগত লৈ মাৰ্জিয়াক অতি বেয়াকৈ মাৰপিট কৰি বিষ পান কৰাই হত্যাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে।
ঘটনা সন্দৰ্ভত ২৭ এপ্ৰিলত বোৱাৰীগৰাকীয়ে মোৰাঝাৰ থানাত স্বামী পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ইফালে এই জঘন্য ঘটনাক হোজাই জিলাৰ দল-সংগঠনে ধিক্কাৰ দিয়াৰ ওপৰিও অপৰাধীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে।
এতিয়া প্ৰশ্ন হয়, এনে জঘন্য ঘটনাৰ অপৰাধীক মোৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শাস্তি দিব পাৰিব নে? নে, আইনক বুঢ়া আঙুলি দেখুৱাই মুকলি আকাশৰ তলত দম্ভালি মাৰি ফুৰিব অপৰাধী?