গুৱাহাটীঃ জামিন বিচাৰি আদালতত পুনৰ মুখথেকেছা অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ মূল নায়ক ৰাকেশ পালৰ।
ধনৰ বিনিময়ত অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত চিআইডি ২৭/১৮ গোচৰত কাৰাৰুদ্ধ হৈ থকা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰাস্থ হৈছিল।
কিন্তু ন্যায়ালয়ে শনিবাৰে তেওঁৰ জামিন আবেদন নাকচ কৰে। ফলত এতিয়া কাৰাগাৰতে থাকিব লাগিব ৰাকেশ পাল।