জীতুমণী, মিৰ্জাঃ দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত গাড়ী চুৰি-চক্ৰই দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল।
দিন-দুপৰতে বিভিন্ন ঠাইৰপৰা দুচকীয়া-চাৰিচকীয়া গাড়ী চুৰি কাৰ্য সংঘটিত কৰি আহিছে। যাৰ ফলত সৰ্বসাধৰণ ৰাইজ আতংকিত হৈ আহিছে। এই ক্ষেত্ৰত শুকুৰবাৰে পলাশবাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি পাঁচখনকৈ মটৰ চাইকেল আৰু পাঁচটা চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সৈতেন্দ্ৰ সিং হাজাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে অভিযান চলাই লোহাৰঘাটৰপৰা দুখন পালছাৰ (এএছ০১ডিইউ৯০২৪ আৰু এখনৰ নম্বাৰ প্লেট নাই), এখন কেটিএম (এএছ০১ডিইউ৬৭২৭), এখন ৰয়েল এনফিল্ড (এএছ২৬এ৫৭০৯) আৰু এখন নম্বৰ প্লেট বিহীন ডিঅ’ স্কুটি এখন উদ্ধাৰ কৰে।
লগতে মটৰ চাইকেল চোৰ পাঁচটা ক্ৰমে দেৱকান্ত ৰাভা (৩০) (মুদুকি ঔগুৰি), অপূৰ্ব ৰাভা (৩০)(মুদুকি ঔগুৰি), অনিৰুদ্ধ ৰাভা (২২) (লোহাৰঘাত), জেচিন কুমাৰ ৰাভা (৩০) (বকো) আৰু মিন্টু আলি (২৭) (বিজয়নগৰ বাকাৰাপাৰা)।
ঘটনা সংক্ৰান্তত পলাশবাৰী আৰক্ষীয়ে ১৮১/১৯ আৰু ১৮৩/২৯ নম্বৰ দুটা গোচৰ ৰুজু কৰি ৩৭৯, ৪১১ ধাৰাত ধৃত চোৰকেইটাক জে’ললৈ প্ৰেৰণ কৰে। আনহাতে পলাশবাৰী আৰক্ষী থানাৰ কিছু নিলগত থকা মিৰ্জাৰ তেলডিপোৰপৰা যোৱা নিশাও এখন মটৰ চাইকেল চোৰে চুৰি কৰে।
চোৰ চুৰি কৰা সমগ্ৰ দৃশ্য CC TV কেমেৰাত বন্দী হৈছে। ইফালে পলাশবাৰী থানাৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মটৰ চাইকেল চোৰৰ সন্দৰ্ভত অভিযান অব্যাহত আছে।