জয়ন্ত মুদৈ, নগাঁওঃ বিগত তিনিদিন ধৰি দি থকা নেৰানেপেৰা বৰষুণে নগাঁও জিলাৰ গ্ৰামাঞ্চলত অনাহুত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ দিনটোত ক্ষণিকৰ বাবেও সূৰ্যই ভূমুকি নামাৰি কেৱল বতৰ গোমা হৈ থকাৰ বিপৰীতে দিনে-নিশাই কিছু সময়ৰ অন্তৰে অন্তৰে বৰষুণেই পৰি থকাত জিলাখনৰ গ্ৰামাঞ্চলৰ প্ৰায়বোৰ বাট-পথেই বোকাময় হৈ পৰাত গঞাৰাইজ ভীষণ সমস্যাৰ সন্মুখীন হৈছে৷
আনকি জিলাখনৰ বহু ভিতৰুৱা গ্ৰামাঞ্চলৰ ৰাস্তা-পদূলি ইমানেই কদৰ্যময় হৈ পৰিছে যে এইবোৰেৰে বিগত দিনকেইটাত একপ্ৰকাৰে যাতায়াত ব্যাহত হৈ পৰিছে৷ উল্লেখ্য, পাৰ হৈ যোৱা বছৰবোৰত জিলাখনৰ সকলোবোৰ বাট-পথেই গ্ৰামোন্নয়ণ বিভাগৰদ্বাৰা এনৰেগা আৰু এমজি এনৰেগা আচঁনিৰ অধীনত লাখ লাখ টকা ব্যয় কৰি মেৰামতি কিম্বা নতুনকৈ নিৰ্মাণ কৰি তোলা হৈছিল৷
কিন্তু বৰ্তমান দি থকা ধাৰাষাৰ বৰষুণৰ ফলত এই পথবোৰৰ সৰহসংখ্যকেই বোকা-পানীৰে উপচি পৰি একেবাৰে বিধ্বস্ত হৈ পৰাত সম্পূৰ্ণৰূপে যাতায়াতৰ অনুপযোগী হৈ পৰা দেখা গৈছে৷ আনকি অধিকাংশই দৃষ্টিকটুভাৱে বোকাময় হালবোৱা পথাৰৰ দৰে হৈ পৰাত এইবোৰেৰে গাড়ী-মটৰ বা চাইকেলৰ কথা বাদেই এজন ব্যক্তি খোজকাঢ়ি যোৱাটোও দুঃসাধ্যৰ দৰে হৈছে৷
কিন্তু উপায়হীন হৈ এনেবোৰ বোকাময় বাট-পথেৰেই গঞাই চলা-ফিৰা কৰিবলগীয়া হোৱাত যোৱা দিনকেইটাত বহুলোক পিছলি পৰি আঘাটপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে৷ কাজেই, এনেদৰে পৰি থকা বৰষুণৰ ফলত সমষ্টিটোৰ গঞাৰাইজে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিবলগা হোৱা কাৰ্যই গ্ৰামাঞ্চলৰ উন্নয়ণৰ গতি কিমান ত্বৰান্বিত হৈছে তাক জল জল পট পটকৈ আজিৰ তাৰিখত দাঙি ধৰিছে৷
এক কথাত বৰ্তমান বৰষুণেই উদঙাই দিছে গ্ৰামোন্নয়ণৰ নিলৰ্জ্জ ছবিখন৷ গতিকে পৰিৱৰ্তনৰ ঢাক ঢোল বজাই ক্ষমতালৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰক এই বিধ্বস্ত বাট-পথসমূহ শীঘ্ৰে যাতায়াতৰ সুচল কৰি তুলিবলৈ নগঞা ৰাইজে দাবী জনাইছে৷