নগাঁও: নগাঁও জিলা আদালত ভৱনত নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তৰ গাঁও পঞ্চায়ত কাৰ্যালয়সমূহৰ বাবে অলপতে নিযুক্তি পোৱা অৰ্ধ আইনী স্বেচ্ছাসেৱীসকলৰ এদিনীয়া এক সাময়িক প্ৰশিক্ষণ কাৰ্যসূচী সোমবাৰে অনুষ্ঠিত কৰা হয়৷ দিনৰ ১ বজাৰপৰা অনুষ্ঠিত হোৱা উক্ত প্ৰশিক্ষণ কাৰ্যসূচীৰ সঞ্চালনা কৰে নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা তথা অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙে৷
প্ৰশিক্ষণ কালত নগাঁও আইন সেৱা প্ৰাধিকাৰীয়ে কৰি অহা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ লগতে সমাজৰ দৰিদ্ৰ, নিচলা, নিপীড়িত, দিব্যাংগ লোক সকলৰ কল্যাণৰ উদ্দেশ্যে অলপতে উন্মোচন কৰা চাৰিটাকৈ নতুন প্ৰকল্প অনুভুতি, স্নেহ-বন্ধন, ৰঙীন সপোন আৰু পোহৰৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়োৱা হয়৷
আজিৰ এই প্ৰশিক্ষণত কাৰ্যসূচীত পেনেল অধিবক্তা ৰূপে উপস্থিত থাকে ৰূপালী গোস্বামী আৰু শ্বাহনাজ চুলতানা৷ দুয়োগৰাকী পেনেল অধিবক্তাই নৱনিযুক্ত অৰ্ধ আইনী স্বেচ্ছাসেৱী সকলক আইনৰ বিভিন্ন ধাৰাৰ ওপৰত সাম্যক জ্ঞান প্ৰদান কৰাৰ লগতে সমাজৰ দৰিদ্ৰ, নিপীড়িত, দিব্যাংগ, অনাথ লোকসকলক কেনেদৰে ন্যায় প্ৰদান কৰি সহায়ৰ হাত আগবঢ়াব পাৰিব সেই বিষয়েও বুজাই দিয়ে৷ প্ৰায় ৫০ গৰাকী অৰ্ধ আইনী স্বেচ্ছাসেৱী উপস্থিত থকা এই প্ৰশিক্ষণ কাৰ্যসূচীৰ পিছতে তেওঁলোকক পৰিচয় পত্রৰ লগতে নিজ নিজ পঞ্চায়ত কাৰ্যালয়ত ব্যৱহাৰ কৰিব পৰাকৈ যাৱতীয় নথি-পত্র পঞ্জীয়ন বহী, কলম, কাৰ্যালয়ৰ ফলক আদি প্ৰদান কৰা হয়৷