খেৰণিঃ পশ্চিম কাৰ্বি আংলং তথা বৈঠালাংছ' বিধানসভা সমষ্টিৰ অন্তৰ্গত হাৱাইপুৰত সোমবাৰে আনুষ্ঠানিকভাৱে অনুষ্ঠিত হৈ যায় ছাত্র-ছাত্ৰীৰ মাজত জিলাভিত্তিক বিজ্ঞান আৰ্হি প্ৰকল্পৰ মুকলি প্ৰদৰ্শন আৰু আৰ্হি প্ৰকল্পৰ প্ৰতিযোগিতা৷ উল্লেখযোগ্য যে, অসম বিজ্ঞান সমিতিৰ সহযোগত আৰু গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলগী চমুকৈ জি আই এম টিৰ উদ্যোগত কালি ব্যাপক তৎপৰতা আৰু ব্যস্ততাৰে পশ্চিম কাৰ্বি আংলং অসম বিজ্ঞান সমিতিৰ কপিলী ভেলি শাখাই এই জিলাভিত্তিক বিজ্ঞান আৰ্হি প্ৰকল্পৰ প্ৰতিযোগিতাৰ আয়োজন কৰে পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰস্থিত হাৱাইপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত।
আয়োজিত জিলাভিত্তিক বিজ্ঞান আৰ্হি প্ৰকল্পৰ প্ৰদৰ্শন আৰু আৰ্হি প্ৰকল্পৰ প্ৰতিযোগিতাত পশ্চিম কাৰ্বি আংলঙৰ মুঠ পোন্ধৰখনকৈ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগীৰূপে অংশ গ্ৰহণ কৰে। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰতি থকা ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ আৰু সুপ্ত হৈ থকা ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত বিদ্যালয়খনত অনুষ্ঠিত কৰা জিলাভিত্তিক প্ৰতিযোগিতাখনক সুচাৰুৰূপে তদাৰকতা আৰু অনুষ্ঠানটোৰ বিষদ বিৱৰণ দাঙি ধৰে পশ্চিম কাৰ্বি আংলং অসম বিজ্ঞান সমিতিৰ কপিলী ভেলি শাখাৰ সম্পাদক প্ৰণৱ শৰ্মাই।
মনকৰিবলগীয়া যে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ জৰিয়তে হোৱা আৱিষ্কাৰ, ইয়াৰ ব্যৱহাৰ আৰু প্ৰভাৱৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিভিন্ন প্ৰকাৰৰ বিজ্ঞান আৰ্হি প্ৰকল্পৰ প্ৰদৰ্শন আৰু উপস্থাপন কৰে লগতে বিষদ বৰ্ণনাও দাঙি ধৰে উপস্থাপন কৰা আৰ্হি প্ৰকল্পসমূহক লৈ ছাত্র-ছাত্ৰীসকলে।
প্ৰতিযোগিতাখনৰ যোগেদি স্থান দখল আৰু পুৰস্কাৰ লাভ কৰাৰ লক্ষ্য আৰু প্ৰয়াসেৰে বিভিন্ন বিষয়ৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰণালী আৰু পৰীক্ষামুলক পদ্ধতিৰে প্ৰস্তুত কৰা পঞ্চাশৰো অধিক বিজ্ঞানভিত্তিক আৰ্হি প্ৰকল্পৰ উপস্থাপন কৰে ছাত্ৰ-ছাত্ৰী তথা প্ৰতিযোগীসকলে৷ আনহাতে, আয়োজিত এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা কেইবাগৰাকীকৈ বিচাৰকে ছাত্র-ছাত্ৰীয়ে উপস্থাপন কৰা আৰ্হি প্ৰকল্পসমূহৰ বিচাৰ কৰে আৰু উপস্থাপিত প্ৰকল্পৰ বিপৰীতে মূল্যাংকণ কৰি গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিকভিত্তিক আৰ্হি প্ৰকল্প প্ৰতিযোগিতাৰ বাবে স্থানপ্ৰাপ্ত প্ৰতিযোগিক নিৰ্বাচিত কৰে বিচাৰকসকলে।
ইয়াৰ পাছতেই এখন বঁটা বিতৰণি সভাৰ আয়োজন কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীৰ ভিতৰত যিসকলে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীক নগদ ৩০০০ টকা, ২০০০ টকা আৰু ১০০০ টকাৰে পুৰস্কৃত কৰাৰ লগতে মানপত্ৰ প্ৰদান কৰে। অৱশ্যে স্থানপ্ৰাপ্ত প্ৰতিযোগীৰ উপৰিও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগী অথবা দলকেই প্ৰতিযোগীৰ প্ৰমাণ পত্ৰ হিচাপে মানপত্ৰ প্ৰদান কৰে পশ্চিম কাৰ্বি আংলং অসম বিজ্ঞান সমিতিৰ কপিলী ভেলি শাখাই।
আনহাতে অনুষ্ঠিত আজিৰ এই বঁটা বিতৰণি সভাত পশ্চিম কাৰ্বি আংলং অসম বিজ্ঞান সমিতিৰ কপিলী ভেলি শাখাৰ সভাপতি ধনেশ্বৰ বৈশ্য, সম্পাদক প্ৰণৱ শৰ্মা, অসম বিজ্ঞান সমিতিৰ কাৰ্বি আংলং জিলা সমন্নয়ক বীৰেন ডেকা, অসম বিজ্ঞান সমিতিৰ ৰাজ্যিক সমন্নয়ক অলক উজ্জল দাসৰ বিপৰীতে হাৱাইপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সেমানন্দ ঘিমিৰে আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীসকল আৰু ছাত্র-ছাত্ৰীসকল উপস্থিত থাকে।