নগাঁওৰপৰা জয়ন্ত মুদৈ

 

নগাঁওঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বুধবাৰে ঘোষণা কৰা ফলাফলত নগাঁও জিলাৰ সাতগৰাকীকৈ শিক্ষাৰ্থীয়ে ৰাজ্যৰ ভিতৰত প্ৰথম দহটা স্থানত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ 

নগাঁও চহৰৰ কাৱৈমাৰীস্থিত নগাঁও খ্ৰীষ্টজ্যোতি স্কুলৰপৰা বিগত বৰ্ষৰ দৰে এইবাৰো শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে৷ যোৱা দুটা বৰ্ষত একোগৰাকীকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰা এই শিক্ষানুষ্ঠানখনৰপৰা এইবাৰ দুগৰাকীয়ে ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷  এই মেধাৱী শিক্ষাৰ্থী দুগৰাকীৰ ভিতৰত আফ্ৰিন আহমেদে তৃতীয় আৰু ইৰফান হকে নৱম স্থান দখল কৰিছে৷ 

আফ্ৰিন আহমেদে আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ মুঠ ৫৯১ নম্বৰ আৰু ইৰফান হকে মুঠ ৫৮৫ নম্বৰ লাভ কৰিছে৷ ইয়াৰ বিপৰীতে পুৰণিগুদাম আৰ কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাও দুগৰাকী মেধাৱীয়ে স্থান লাভ কৰিছে৷ 

ইয়াৰে অংকুৰ ৰাজ কাশ্যপে মুঠ ৫৮৭ নম্বৰেৰে সপ্তম আৰু মিন্টু গায়নে মুঠ ৫৮৩ নম্বৰেৰে দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, বেবেজীয়া আৰ্য্য জাতীয় বিদ্যালয়ৰ নিশিতা খাটনিয়াৰ, ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বীপ শইকীয়া আৰু ৰেণেছা হাইস্কুলৰ ঈষাণ ভূঞাই মুঠ ৫৮৬ নম্বৰ পাই ৰাজ্যৰ ভিতৰত অষ্টম স্থান আজুৰি আনিছে৷ উল্লেখ্য, বিগত বৰ্ষত জিলাখনৰপৰা তিনিগৰাকীয়ে ৰাজ্যৰ ভিতৰত স্থান লাভ কৰাৰ বিপৰীতে এইবাৰ সাত গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰাত জিলাবাসী উৎফুল্লিত হৈ পৰিছে৷