গুৱাহাটীঃ গুৱাহাটীৰ প্ৰেছ ক্লাবত নগাঁও আৰু কাছৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে আয়োজন কৰা নাগৰিক সভাত উপস্থিত থাকি আলফা নেতা অনুপ চেতিয়াই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ব্যক্তিগতভাৱে উদ্যোগ গ্ৰহণ কৰি কাগজ কল দুটা পুনৰুজ্জীৱিত কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাবলৈ আহ্বান জনায়।
"নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰি অসম চৰকাৰে প্ৰমাণ কৰক তেওঁলোকৰ প্ৰয়োজনীয়তা কথা" এই প্ৰত্যাহ্বান আলোচনা পন্থী আলফা নেতা অনুপ চেতিয়া। যিদৰে ভাৰতৰ অন্যান্য ৰাজ্যৰ বহু মৃতপ্ৰায় ৰাজহুৱা উদ্যোগ সেই ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী আৰু উদ্যোগমন্ত্ৰীয়ে নিজাকৈ উদ্যোগ গ্ৰহণ কৰি পুনৰুজ্জীৱিত কৰি তুলিছে। সেই একে নীতি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গ্ৰহণ কৰিব লাগে বুলি আহ্বান জনায়। লগতে অসমৰ ৰাইজক আহ্বান জনায় তেওঁ কয় নগাঁও আৰু কাছাৰ কাগজ কল কেৱল তাত কাম কৰা কৰ্মচাৰী সকলৰে নহয়। অসমৰ জাতীয় জীৱনৰ এটা প্ৰতিষ্ঠান আৰু জাতীয় সম্পদ। গতিকে এই দুটা প্ৰতিষ্ঠান যদি অৰ্থনৈতিকভাৱে ধ্বংস হৈ যায় তেন্তে আমাৰ বহু ক্ষেত্ৰত কৰ্মচাৰী আৰু ইয়াৰ লগত জড়িত ব্যৱসায়ী সকল বঞ্চিত হ’ব।
লগতে গুৰুত্বসহকাৰে তেওঁ কয় যে অসমত উদ্যোগসমূহ এতিয়া ধ্বংস হৈ গৈছে তেলৰ লগত জড়িত উদ্যোগকেইটা বাহিৰে পায় সমূহ এতিয়া শেষ হৈ গৈছে। গতিকে ৰাইজে এই কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে কৰ্মচাৰীৰ সকলৰ লগত ঐক্যমত গঠন কৰি তেওঁলোকৰ লগত ওলাই আহিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও শুকুৰাবাৰে নাগৰিক সভাত কাগজ কল দুটা পুৰুদ্ধাৰ কৰাৰ বাবে ছয়টাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে৷
সেই অনুসৰি আগন্তক দিনত নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে অসম মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীক এখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰিব। ইয়াৰ উপৰিও নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে যদি চৰকাৰে অতি সোনকালে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে সংগ্ৰামী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰস্তাৱ গৃহীত কৰে। একেদৰে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ আৰু বিভিন্ন কাৰ্যসূচী পৰিচালনা কৰিবলৈ এখন সমিতি গঠন কৰা কথাও আজি গৃহীত হয়। ইয়াৰ উপৰিও আইনৰ মাধ্যমেৰে কাগজকল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত এখন পিআইএল দাখিল কৰিবলৈ দায়িত্ব অৰ্পন কৰে জ্যেষ্ঠ অধিবক্তা অৰুপ বৰবৰা আৰু কমল নয়ন চৌধুৰীক।
ইয়াৰ সমান্তৰালকৈ কাগজ কল দুটাৰ কৰ্মচাৰীৰ সকলৰ দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা দৰমহা মুকলি কৰি দিয়া আৰু প্ৰাপ্য নাপাই আৰ্থিক দিনতাত আত্মহত্যা কৰাৰ প্ৰতিজন কৰ্মচাৰিক নূন্যতম ১০ লাখ টকাকৈ সাহায্য দিবলৈ দাবী জনায়। ইয়াৰ উপৰিও আজি নাগৰিক সভাত কাগজ কল দুটাৰ কৰ্মচাৰী সকলৰ সন্তান সকলক পঢ়াৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে এটা "ক্ৰাউড ফাণ্ড" খোলা বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ বাবে প্ৰয়োজনীয় দায়িত্ব জিএলপি চাৰ্কুল আৰু "আমাৰ অসম"ক ল’বলৈ আহ্বান জনায় আজি সভাত। আজি এই সভাত উপস্থিত আছিল জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু, জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন, দিলীপ পাটগিৰি, শ্যামকানু মহন্ত, লাচিত বৰদলৈ নগাঁও আৰু কাছাৰ কাগজ কলৰ এজনকৈ প্ৰতিনিধি, জাগীৰোডৰ বহুসংখ্যক নাগৰিক।
এই সভাত কাগজ কল দুটা কৰ্মচাৰী সকলৰ বহুকেইগৰাকী অধ্যয়নৰত সন্তানো উপস্থিত আছিল তাৰ ভিতৰত অন্যতম আছিল আজি ডেৰ বছৰৰ পূৰ্বে বিধানসভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি কাগজ কল কৰ্মচাৰীৰ দুৰৱস্থাৰ কথা কৈ মুখ্যমন্ত্ৰীৰ সন্মুখতে উচুপি উঠা সন্দিকৈ কলেজৰ ছাত্ৰী পৰীস্মিতা বুঢ়াগোহাঁই। আজি নাগৰিক সভাত উপস্থিত থাকি ছাত্ৰী পৰীস্মিতাই পুনৰ সংবাদ মাধ্যমৰ আগত কয় "চৰকাৰী মহাবিদ্যালয়ত পঢ়াৰ পাছতো মাহত প্ৰয়োজনীয় নূন্যতম ৬-৭ হাজাৰ টকাৰ খৰছ যোগান ধৰাত এতিয়া আমাৰ ঘৰখনত যথেষ্ট কষ্ট হয়। যদিও এতিয়া আমি কষ্ট মাজেৰে চলি গৈছো কিন্তু ভৱিষ্যতে আমাৰো মন যায় উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ। কিন্তু সেই সময়ত আমাৰ হয়তো অৰ্থয়ে নাথাকিব।
আনহে নালাগে অৰ্থ অভাৱত এতিয়াই আমি প্ৰয়োজনীয় বহু কৰিবলৈ থকা কামো কৰিব পৰা নায়।" ইফালে কিছুদিনৰ পূৰ্বে এগৰাকীৰ কৰ্মচাৰীৰ আৰ্থিক হীনতাত আত্মহত্যা দৰে চৰম পথ বাছি লৈছিল। তাৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ আশ্বাস দিছে কাগজ কল তেওঁ লোকে পুনৰুজ্জীৱিত কৰিব সেই সম্পৰ্কত ছাত্ৰী পৰীস্মিতাই কয় "চৰকাৰ আশ্বাসক বিশ্বাস কৰিয়েই আমি ইমানদিনে আছো কিন্তু মাজে মাজে হতাশও হৈছোঁ। কাৰণ চৰকাৰে আমাৰ পঢ়ি থকা যুৱ-প্ৰজন্মৰ বাবে এবাৰ ভাবিব লাগিছিল। কাৰণ আমাৰ আয়ৰ উৎস একমাত্ৰ দেউতাহতে আছিল। কিন্তু আজি ২৮ মাহে দৰমহা নাই। মোৰ দেউতা অৱসৰ গ্ৰহণ কৰিছে যদিও আজিলৈকে পোৱা নাই কোনো অৱসৰৰ টকা। গতিকে আমি জানো কিমান কষ্টত চলিছে আমাৰ ঘৰখন।