গুৱাহাটীঃ গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণত অভিযুক্ত জাহ্নৱী শইকীয়াৰ চিকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্ত ইন্দ্ৰমোহন বৰা আৰু চিন্ময় লস্কৰক শনিবাৰে হাজিৰ কৰোৱা হ'ব কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীকৰ আদালতত।
ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা দুয়ো গৰাকীৰ অভিযুক্তকে গুৱাহাটীৰ লতাশিল আৰক্ষী থানালৈ অনা হৈছে।
লতাশিল থানাত অসম আৰক্ষীৰ শীর্ষ বিষয়াই দুয়োগৰাকীৰ অভিযুক্তকে বৰ্তমান সময়ত সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷