♦ স্থানীয় আৰক্ষী থানাৰ চূড়ান্ত হেমাহিৰ অভিযোগ
কাকপথাৰঃ যোৱা ৭ মে'ত জীৱিকাৰ সন্ধানত তিনিচুকীয়া জিলাৰপৰা এটা দহজনীয়া যুৱকৰ দল বহিঃৰাজ্যলৈ ৰে’লেৰে ৰাওনা হৈছিল। দলটোৰ দুজন যুৱক আছিল তিনিচুকীয়া জিলাৰ টঙনা থানাৰ অন্তৰ্গত টঙনা মাজগাঁৱৰ।
জানিব পৰা মতে, যোৱা ১০ মে'ত যুৱকৰ দলটোৱে সন্মুখীন হৈছিল ৰে’লত যাত্ৰীৰ ৰূপত সোমাই থকা এটা ডকাইতৰ দলৰ সৈতে। চোকা অস্ত্ৰৰে ভাবুকি দি লুত-পাত চলাইছিল ডকাইতৰ দলটোৱে৷ বহুজনে ডকাইতৰ কবলৰপৰা নিজকে ৰক্ষা কৰি পৰিত্যাগ কৰিছিল সেই দবাটো।
এনে সময়তে চেদেলি ভেদেলি হৈ পৰিছিল কাকপথাৰৰ যুৱকদ্বয়। এক সুৰক্ষিত স্থানত ৰে’লখন ৰৈ যোৱাত লগৰীয়াই সন্ধান কৰিছিল যুৱকদ্বয়ক। কিন্তু সন্ধান পোৱা নাছিল যুৱকদ্বয়ৰ। এসময়ত হুৱাককো ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে ঘূৰি ফুৰা অৱস্থাত ৰমেন্দ্ৰ মৰাণ (৪০) নামৰ যুৱকজনক উদ্ধাৰ কৰে যদিও দিব্যজিত ফুকন (৩০) নামৰ যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।
ফোন যোগে ৰমেন্দ্ৰ মৰাণৰ ঘৰৰ সৈতে যোগাযোগ কৰি তেওঁক ওভতাই পঠিওৱা হয় স্বগৃহলৈ। ঘটনাৰ সন্দৰ্ভত নিখুজ হৈ থকা দিব্যজিতৰ জ্যেষ্ঠ ভাতৃয়ে যোৱা ১০ মে' তাৰিখে টঙনা থানাত এজাহাৰ দিবলৈ গৈছিল যদিও তেখেতৰ এজাহাৰ গ্ৰহণ নকৰিলে। উপায়ন্তৰ হৈ পুনৰ ১১ মে' তাৰিখে টঙনা থানাত এজাহাৰ দিবলৈ যায় যদিও সেই একেই অনুৰূপ ঘটনা ঘটাৰ ফলত দুৰ্ভগীয়া পৰিয়ালটো কাষ চাপে কাকপথাৰ আৰক্ষী থানাৰ।
কাকপথাৰ আৰক্ষী থানায়ো নিজৰ এলেকাৰ ভিতৰত নপৰে কাৰণে এজাহাৰখন ল’বলৈ অপাৰগতা প্ৰকাশ কৰাত এজাহাৰকাৰীয়ে খঙত ৰুদ্ৰমূৰ্তি ধৰি পুনৰ ১৩ মে' উপস্থিত হয়গৈ টঙনা থানাত। বহু তৰ্কা-তৰ্কি, হুলস্থূল কৰি এজন কনিষ্টবলৰ হাতত এজাহাৰখন প্ৰদান কৰি ঘৰলৈ ঘূৰি আহে।
কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ সঁহাৰি নোপোৱাত দুৰ্ভগীয়া পৰিয়ালটোৱে এতিয়া সহায় বিচাৰিছে সংবাদ মাধ্যমৰ। দুৰ্ভগীয়া পৰিয়ালটোৰ নিখোজজনক বিচাৰি উলিওৱাৰ শেষ ভৰষা স্থল হৈছে সংবাদ মাধ্যম, কিয়নো অসমৰ জনহিত জন সেৱাৰ্থে থকা অসম আৰক্ষীৰেই এনেধৰণৰ চূড়ান্ত হেমাহি। অনাগত দিনত এনেধৰণ আৰক্ষীৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণ ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ’ব।