♦ গভীৰ সমস্যাত দৰিদ্ৰ পৰিয়ালৰ ৰোজাদাৰ
জয়ন্ত মুদৈ, নগাঁওঃ পৱিত্ৰ ৰমজান মাহ আৰম্ভ হোৱাৰেপৰা সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বিভিন্ন প্ৰান্ততো মুছলমান লোকসকলৰ মাজত ৰমজান কেন্দ্ৰিক উৎসাহ-উদ্দীপনা বিয়পি পৰা দেখিবলৈ পোৱা গৈছে৷
এই সময়ছোৱাত নিতৌ পুৱা সূৰ্যোদয়ৰ পূৰ্বে ধৰ্মীয় নিয়ম-নীতিৰে চেহেৰীৰ আহাৰ গ্ৰহণ কৰাৰ পাছৰেপৰা গোটেই দিনটো উপবাসে থাকি সূৰ্য মাৰ যোৱাৰ পাছতেই আনুষংগিক ধৰ্মীয় আচাৰ-ৰীতিৰ মাজেৰে ইফতাৰৰ খাদ্য-পানী গ্ৰহণ কৰি ৰমজানৰ ৰোজা পালন কৰা হয়৷
প্ৰকাশ যে, ৰোজাত মুছলমান লোকসকলে দিনৰ দিনটো সম্পূৰ্ণ লঘোণে থাকিলেও চেহেৰী আৰু ইফতাৰৰ নামত কিন্তু যথেষ্ট ধন ব্যয় কৰে৷ কাৰণ, এই দুসাঁজ আহাৰ তেওঁলোকে সু-স্বাদুভাৱে গ্ৰহণ কৰে ৰোজাৰ দিনকেইটাত৷ কাজেই, চলি অহা পৰম্পৰা অনুযায়ী আন দিনবোৰৰ আহাৰতকৈ ৰমজান মাহৰ এই দিনকেইটাত আহাৰৰ নামত পূৰ্বৰ তুলনাত সাঁজে প্ৰতি দুই-তিনি গুণ বেছি খৰচ হয়৷
স্মৰ্তব্য যে, বছৰ বছৰ ধৰি সামাজিক সংহতি আৰু ভাতৃত্ববোধৰ মহান ভাবত উদ্বেলিত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত পালিত হৈ অহা বিয়লিৰ ইফতাৰৰ আনন্দ-স্ফূৰ্তিয়ে অন্যান্য ধৰ্মাৱলম্বী লোকসকলকো আকৃষ্ট কৰি আহিছে৷
ইফালে, ইফতাৰ বুলিলেই সকলোৰে মনলৈ আহে সুস্বাদু খাদ্য সম্ভাৰৰ এখন লোভনীয় ছবি৷ দিনটোৰ কঠোৰতম ৰীতি-নীতিৰে পালিত ৰোজাৰ অন্তত প্ৰতিদিনে সন্ধিয়া পৰত বিভিন্ন প্ৰকাৰৰ ফল-মূল তথা সোৱাদ ভৰা খাদ্যৰে পৰিপূৰ্ণ ইফতাৰৰ সু-সৰ্জ্জিত থালীখন সন্মুখত লৈ বহিলেই পৰম আত্মসন্তুষ্টি লাভ কৰে প্ৰতিজন ৰোজাদাৰে৷
কিন্তু এইবেলি দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকৰ থালীৰপৰা হেৰাই গৈছে ফল৷ অসম্পূৰ্ণ হৈ ৰৈছে এইসকল দুৰ্ভগীয়া ৰোজাদাৰৰ বহু হেঁপাহৰ ইফতাৰৰ থালীখন৷ কিয়নো, বৰ্তমান ফলৰ বজাৰৰ উৰ্ধ্বমুখী জুই-চাই দাম৷
উল্লেখ্য, নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ৰমজান মাহ আৰম্ভ হোৱাৰেপৰা প্ৰত্যেকবিধ ফলৰ দাম পূৰ্বৰ তুলনাত তিনি-চাৰিগুণ পৰ্যন্ত বৃদ্ধি পোৱাত মূৰে-কপালে হাত দিবলৈ বাধ্য হৈছে সাধাৰণ শ্ৰেণীৰ গ্ৰাহক৷
কাৰণ ৰমজানৰ ৰোজাৰ বতৰত মুছলমান লোকসকলে কম-বেছি পৰিমাণে হ’লেও ইফতাৰৰ বাবে বিভিন্ন তৰহৰ ফল-মূল ক্ৰয় কৰে৷ কিন্তু সম্প্ৰতি গ্ৰাহকসকলে ফল-মূল কিনিবলৈ গৈ ফলৰ বজাৰত দাম শুনি থমকি ৰ’ব লগীয়াত পৰিছে৷
পৰিণতিত এনেদৰে ৰমজানৰ ৰোজাৰ গইনা লৈ ফল-মূলৰ দৰ এচাম ধুৰন্ধৰ ব্যৱসায়ীয়ে কৃত্ৰিম নাটনিৰে আকাশলংঘী কৰাত নগঞা দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ৰোজাদাৰে ইফতাৰ পালিবলৈ গৈ চকুয়ে ধোঁৱা-কোৱা দেখিছে৷
এক কথাত পৱিত্ৰ ৰমজানৰ ৰোজাৰ দিনকেইটাত ইফতাৰৰ আহাৰ পৰম হেঁপাহেৰে খাবলৈ গৈ দৰিদ্ৰ নগঞা লোকসকলে পিছ হুঁহকি আহিবলৈ বাধ্য হৈছে একমাত্ৰ ফল-মূলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ কাৰণে৷ সেয়ে অসাধু ব্যৱসায়ীৰ এনে দাম বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে জিলা প্ৰশাসনক কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী লোকসকলে৷