জয়ন্ত মুদৈ, নগাঁওঃ ৰাজ্য চৰকাৰে বিগত ২০০৬ চনৰপৰাই শিক্ষানুষ্ঠানৰ আশে-পাশে চাধা, চিগাৰেট, বিড়িকে ধৰি সকলো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে যদিও সেয়া বৰ্তমানো কাৰ্যকৰী হোৱা নাই নগাঁও জিলাত৷
কিয়নো, জিলা প্ৰশাসন আৰু বিভিন্ন বেচৰকাৰী দল-সংগঠনে সময়ে সময়ে গুটখা জাতীয় দ্ৰব্য নিবাৰণী অভিযান চলাই থকাৰ পাছতো ৰাজ্যৰ আন বহু ঠাইৰ দৰে নগাঁও জিলাতো এইবোৰৰ প্ৰচলন ব্যাপক হাৰত নিৰ্বিঘ্নে চলি থকা দেখিবলৈ পোৱা গৈছে৷ যাৰ পৰিণতিত কমলা পচন্দ, শিখৰ, ৰজনীগন্ধা, বিমল আদি গুটখা জাতীয় সামগ্ৰীৰ প্ৰতি দিনে দিনে আসক্ত হৈ পৰিছে বহু কম বয়সীয়া যুৱক-যুৱতী৷
আনকি এই মাৰাত্মক সামগ্ৰীবোৰ শিক্ষানুষ্ঠানৰ ওচৰে-পাজৰেই অবাধে মুকলিকৈ বিক্ৰী হৈ থকাত চেমনীয়া ছাত্ৰ-ছাত্ৰীও ইয়াৰ প্ৰতি আসক্ত হৈ পৰাত অভিভাৱকসকলৰ লগতে সমাজৰ সচেতন নাগৰিকসকল চৰম উদ্বিগ্নতাত ভূগিছে৷
উল্লেখ্য, দেশৰ ভৱিষ্যত নাগৰিক এই ফুলকুমলীয়া ছাত্ৰ-ছাত্ৰীসকল বৰ্তমান গুটখা জাতীয় মাৰাত্মক তথা জীৱন ধ্বংসকাৰী দ্ৰব্যৰ কৰাল গ্ৰাসত পৰাৰ হেতু তেওঁলোকৰ শাৰীৰিক আৰু মানসিক শক্তি স্বাভাৱিকতেই হ্ৰাস পোৱাৰ বিপৰীতে সমগ্ৰ দেশৰেই সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক পৰিৱেশৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে৷
এই সন্দৰ্ভত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ অঞ্চলসমূহত থকা সৰু-বৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বৰ্তাধিকাৰী আৰু সচেতন লোকসকলৰ মাজত চলোৱা এক সমীক্ষাত জিলাখনৰ প্ৰায় ৬০ শতাংশ ১০ ৰপৰা ১৪ বছৰীয়া স্কুলীয়া ছাত্ৰ-ছাত্ৰী গুটখা জাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত হৈ পৰা বিষয়টো উন্মোচিত হৈছে৷
কাজেই, জিলা প্ৰশাসনে এই সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ নকৰাত আজিৰ তাৰিখত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সৰু-বৰ গুমটিৰপৰা গেলামালৰ দোকানতো এইবোৰৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত আছে৷ গতিকে সচেতন মহলে প্ৰশাসনক এইবোৰ মাৰাত্মক সামগ্ৰীৰ প্ৰচলন ৰোধৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷