জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰৰ নাৰায়নপুৰত চাঞ্চল্যকৰ ঘটনা৷ স্বামীক শিৰশ্ছেদ কৰি কটা মূৰ লৈ থানা পালে পত্নী৷ এই চাঞ্চল্যকৰ ঘটনাটো লখিমপুৰৰ নাৰায়ণপুৰৰ কাঠনি মাজগাঁৱত৷

দীৰ্ঘদিন ধৰি ঘৰুৱা অশান্তিৰ পৰিণতিত পত্নীয়ে হত্যা কৰিলে স্বামীক৷ কাঠনি মাজগাঁৱৰ বুধিৰাম বৰকটকীয়ে প্ৰতিদিনে মদ্যপান কৰি ঘৰুৱা অশান্তি কৰি আহিছিল৷

মঙলবাৰে নিশাও অনুৰূপ পৰিস্থিতি সৃষ্টি কৰি অশান্তি কৰি পত্নী গুনেশ্বৰী বৰকটকীক প্ৰহাৰ কৰাত পত্নীয়ে দাৰে ঘপিয়াই শিৰশ্ছেদ কৰে বুধিৰাম বৰকটকীক৷ পতিৰ কটা মূৰ মোনাত ভৰাই মাজনিশা ধলপুৰ আৰক্ষী চকীত উপস্থিত হ’লহি পত্নী গুনেশ্বৰী বৰকটকী৷

নিশা প্ৰায় এঘাৰ বজাত সংঘটিত হোৱা হত্যাকাণ্ডৰ সময়ত ঘৰত নাছিল দুই পুত্ৰ৷ আৰক্ষীয়ে মাজনিশাই ঘটনাস্থলীৰপৰা বুধিৰামৰ মুণ্ডহীন মৃতদেহটো উদ্ধাৰ কৰে৷ পতি হত্যাকাৰী মহিলাগৰাকী সম্প্ৰতি বিহপুৰীয়া আৰক্ষীৰ জিম্মাত আছে৷