তেজপুৰঃ অহা ৬ আৰু ৭ জুলাইত দৰং মহাবিদ্যালয়ৰ 'আমাৰ অসমীয়া বিভাগৰ সতীৰ্থ সন্মিলন’। সেই উদ্দেশ্যে বুধবাৰে শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন প্ৰেক্ষাগৃহত অসমীয়া বিভাগত অনুষ্ঠিত হয় সন্মিলন আয়োজক সমিতিৰ জৰিয়তে এখন সংবাদমেল অনুষ্ঠিত কৰা হয়।
আয়োজক সমিতিৰ সভাপতি তথা বিভাগটোৰে অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথৰ পৌৰোহিত্যত অনুষ্ঠিত সংবাদমেলত আয়োজক সমিতিৰ বিষয়ববীয়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে ভাগ লয়।
অহা ৬ আৰু ৭ জুলাইৰপৰা অনুষ্ঠিত হ’বলগীয়া সতীৰ্থ সন্মিলনত অসমৰ বহুকেইগৰাকী বিশিষ্ট লোকে ভাগ ল’ব বুলিও জানিবলৈ দিয়ে।